ম্যাদ উকলা শীতল পানীয় বিক্রীক লৈ গোলকগঞ্জৰ 'স্মাৰ্ট পইণ্ট'ত উত্তপ্ত পৰিস্থিতি
গোলকগঞ্জৰ 'স্মাৰ্ট পইণ্ট'ত উত্তপ্ত পৰিস্থিতি।
ম্যাদ উকলা শীতল পানীয় বিক্রীক লৈ গোলকগঞ্জৰ 'স্মাৰ্ট পইণ্ট'ত উত্তপ্ত পৰিস্থিতি


ধুবুৰী, ১৩ মে’ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ 'স্মাৰ্ট পইণ্ট'ত যোৱা কালি সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ম্যাদ উকলি যোৱা শীতল পানীয় বিক্রী কৰাক লৈযে গোলকগঞ্জৰ স্মাৰ্ট পইন্টত এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়।

ইফালে প্ৰতিবাদ কৰিবলৈ যোৱা ছাত্ৰক বিপণীৰ কৰ্মচাৰীয়ে বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। আনহাতে বিপণীত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা কল্ড ড্ৰিংকছৰ কাৰ্টুন l গ্ৰাহকৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ উঠিছে বিপনী খনৰ বিৰুদ্ধে । এইক্ষেত্ৰত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande