২৬ মে’ত সদনত উত্থাপন কৰা হ'ব ইউ চি চি বিধেয়ক, কেবিনেটে আজি অনুমোদন জনালে খচৰা
গুৱাহাটী, ১৩ মে'' (হি.স.)। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে কেবিনেট বৈঠকৰ। এই বৈঠকত কেইবাটাও
মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠক


গুৱাহাটী, ১৩ মে' (হি.স.)। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে কেবিনেট বৈঠকৰ। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ড. শৰ্মাই জনায় যে ২১, ২২, ২৫ আৰু ২৬ মে’ত অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব। অধিৱেশনৰ অন্তিমটো দিনত অৰ্থাৎ ২৬ মে’ত সদনত উত্থাপন কৰা হ'ব ইউ চি চি ( সম নাগৰিক সংহিতা) বিধেয়কখন।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কেবিনেট অনুষ্ঠিত হয়। চৰকাৰে আজিৰে পৰা দায়িত্ব আৰম্ভ কৰা বাৰ্তা আমি দিব বিচাৰিছোঁ । দপ্তৰ সমূহ খুব সোনকালে আৰম্ভ হ’ব। বিধানসভাৰ অধিবেশন পিছত পূৰ্ণাংগ মন্ত্ৰী সভা ঘোষণা কৰা হ’ব।’’

অহা ২৬ মে’ত ইউ চি চি সদনত উত্থাপন কৰা হ'ব, ইউ চি চি ৰ খচৰাক আজি কেবিনেটে অনুমোদন জনায়। ইফালে জনজাতীয় লোক সকলক ইউ চি চি ৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। ইউ চি চি ৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ’ব। ইউ চি চি ত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব, বহুবিবাহৰ কথা থাকিব, ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

ইফালে নতুন চৰকাৰে আৰু দুই লাখ চাকৰি দিয়াৰ প্ৰস্তুতিৰে দুই লাখ চাকৰিত নিযুক্তিৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ ঘোষণাও আজি মুখ্যমন্ত্ৰীয়ে কৰে। ইফালে মুখ্য সচিবৰ নেতৃত্বত গঠিত টাস্ক ফ’ৰ্চে অহা তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। ইফালে বিধানসভাৰ অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে জনায় যে,বিজেপিৰ ইস্তাহাৰখনক আজিৰ কেবিনেটে ৰাজ্যৰ উন্নয়নৰ খচৰা হিচাপে গ্ৰহণ কৰে৷ ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ দেৱজিত লন শইকীয়াক পুনৰ পাঁচ বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে৷

অহা ছমাহলৈ ৰাজ্য চৰকাৰে নতুন গাড়ী ক্ৰয় নকৰে৷ মন্ত্ৰীসকলেও নাপাব নতুন গাড়ী৷ গাড়ী ভাৰা ল’লে আমি ইভি গাড়ী লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে হ্ৰাস কৰিব কনভয়। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি চৰকাৰী মন্ত্ৰী, বিষয়া আৰু মুখ্যমন্ত্ৰীৰ কণভয় হ্ৰাস কৰা হ’ব।

তেওঁ সাংবাদিকক জনায় যে, কোনো মন্ত্ৰী-বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ চৰকাৰী বা ব্যক্তিগত ভাৱেও কৰিব নোৱাৰিব৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত হোৱা আলোচনাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে অহা ছমাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে৷

পেট্ৰ’ল আৰু ডিজেলৰ ১৫ৰ পৰা ২০ বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব চৰকাৰে। আনহাতে পূৰ্বতকৈ চৰকাৰে এতিয়া ১২. ২০ শতাংশ কম পেট্ৰল ডিজেল ক্ৰয় কৰিব ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande