
কলকাতা, ১৩ মে’ (হি.স.)। প্ৰবীণ প্ৰশাসক তথা মোহন বাগান ক্লাবৰ প্ৰাক্তন সভাপতি স্বপন সাধন বসুক টুটু বসু ৭৮ বছৰ বয়সত মঙলবাৰে গভীৰ নিশা দেহাৱসান ঘটে । সোমবাৰে সন্ধিয়া হাৰ্ট এটেকত আক্ৰান্ত হৈ তাত ভৰ্তি কৰোৱা হয় আৰু ভেন্টিলেটৰত ৰখা হয়। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে টুটু বসুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুৱে ফুটবল জগতত বিশেষকৈ কলকাতাত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
মঙলবাৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নিশিত প্ৰমানিক আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেয়ে চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য়ৰ বুজ লয় । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। ভাৰতীয় ফুটবলৰ ইতিহাসত, আৰু বিশেষকৈ মোহন বাগানক এজন গুৰুত্বপূৰ্ণ প্ৰশাসক হিচাপে স্মৰণ কৰা হ’ব টুটু বসুক। তেওঁৰ কাৰ্যকালত ক্লাবটোৱে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আটাইতকৈ বিতৰ্কিত সিদ্ধান্ত আছিল ক্লাবৰ মালিকীস্বত্ব উদ্যোগপতি সঞ্জীৱ গোৱেংকাৰ হাতলৈ হস্তান্তৰ কৰা। ইয়াৰ পিছত ক্লাবটোৰ নামত এটিকে যোগ হয়। এই সিদ্ধান্তই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল।
টুটু বসুৱে মোহন বাগানৰ লগত বিদেশী ফুটবলাৰৰ পৰিচয়ৰ সূচনাও কৰে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে নাইজেৰিয়াৰ ফুটবলাৰ চিমা অক’ৰিয়ে ক্লাবত যোগদান কৰি মোহন বাগানৰ প্ৰথম বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হয়। এই সিদ্ধান্তই ভাৰতীয় ফুটবলত এক বৃহৎ পৰিৱৰ্তন ঘটালে। ফুটবল প্ৰশাসনৰ উপৰিও টুটু বসু ব্যৱসায়ী আৰু বাতৰি কাকতৰ মালিক আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য হিচাপেও পৰিচিত আছিল। যোৱা কেইবছৰমানৰ পৰা স্বাস্থ্যৰ অভাৱৰ বাবে সক্ৰিয় ফুটবল প্ৰশাসনৰ পৰা অনুপস্থিত হৈ হুইল চেয়াৰত আবদ্ধ হৈ আছিল। ইয়াৰ পিছতো তেওঁ ক্লাবৰ পৃষ্ঠপোষক হিচাপে মোহন বাগানৰ সমৰ্থকৰ মাজত অত্যন্ত সন্মান লাভ কৰি থাকিল। যোৱা বছৰ মোহন বাগান দিৱস উদযাপনত তেওঁক মোহন বাগান ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানত সৌৰভ গাংগুলী, বাইচুং ভূটিয়া, আই এম বিজয়ন, জোচে বাৰেটো, সুব্ৰত ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও ক্ৰীড়া ব্যক্তি উপস্থিত থাকে।
শোক বাৰ্তাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে মোহন বাগান ক্লাব আৰু টুটু বসু ইজনে সিজনৰ অবিচ্ছেদ্য অংগ। ক্ৰীড়া প্ৰশাসনত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। টুটু বসুৰ নেতৃত্ব, দৃষ্টিভংগী, আৰু ক্ৰীড়াৰ প্ৰতি সমৰ্পণে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়াল, শুভাকাংক্ষী আৰু তেওঁৰ অগণন অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া