অসম গ্ৰামীণ বিকাশ বেংক জাগাৰা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লক্ষাধিক টকা হৰলুকি, পলাতক বেংক মিত্ৰ
নলবাৰী, ১৩ মে (হি.স.)। নলবাৰীৰ জাগাৰাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰত কেইবাগৰাকীও মহিলাৰ জমাধন দীৰ্ঘদিন ধৰি হৰলুকি হৈ অহাৰ সমস্ত ঘটনা শেহতীয়া ভাবে পোহৰলৈ আহিছে । অসম গ্ৰামীণ বিকাশ বেংকৰ জাগাৰা শাখাৰ দ্বাৰা অনুমোদিত জাগাৰাৰ
অসম গ্ৰামীণ বিকাশ বেংক জাগাৰা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লক্ষাধিক টকা হৰলুকি, পলাতক বেংক মিত্ৰ


নলবাৰী, ১৩ মে (হি.স.)। নলবাৰীৰ জাগাৰাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰত কেইবাগৰাকীও মহিলাৰ জমাধন দীৰ্ঘদিন ধৰি হৰলুকি হৈ অহাৰ সমস্ত ঘটনা শেহতীয়া ভাবে পোহৰলৈ আহিছে । অসম গ্ৰামীণ বিকাশ বেংকৰ জাগাৰা শাখাৰ দ্বাৰা অনুমোদিত জাগাৰাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ক্ষুদ্ৰ শাখাত নিয়োজিত বেংক মিত্ৰ গৰাকীয়ে অঞ্চলটোৰ মহিলাসকলৰ লক্ষাধিক জমাধন হস্তগত কৰি শেহতীয়া ভাবে পলাতক অৱস্থাত আছে । উল্লেখ্য যে মহিলাসকলে নিজৰ নিজৰ জমাধন মুকলি কৰিবলৈ আহি অবগত হয় যে একাউণ্ট সমূহৰ পৰা তেওঁলোকৰ জমাধন ইতিমধ্যে মুকলি কৰা হৈ গৈছে । ইয়াৰ পিচতেই হতভম্ব হৈ পৰে মহিলা গ্ৰাহকসকল ।

এই সন্দৰ্ভত একাউণ্টৰ গৰাকীসকলে বেংক মিত্ৰ ভৱেশ বৈশ্যক জবাবদিহি কৰাত সকলো ষড়যন্ত্ৰ উন্মোচিত হৈ পৰে আৰু অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উল্লেখ্য যে গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত আঙুলিৰ চাপেৰেহে ধনৰ লেন দেন হয় । ইয়াৰ সুযোগ গ্ৰহণ কৰি বেংক মিত্ৰ ভৱেশ বৈশ্যই গ্ৰাহকসকলে মুকলি কৰিবলগীয়া জমাধনতকৈ বেছি মুকলি কৰে আৰু ওপৰঞ্চি ধনখিনি এনেদৰে আত্মসাত কৰি আহিছে । জমাধন মুকলি কৰা গ্ৰাহকসকলক কোনোধৰণৰ ৰচিদ প্ৰদান নকৰাৰ বাবেই গ্ৰাহকসকলেও কিমান ধন মুকলি কৰে জানিব পৰা নাছিল । শেহতীয়া ভাবে বেংক মিত্ৰ গৰাকীয়ে অময়া বৈশ্যৰ একাউণ্টৰ পৰা ১৬ হেজাৰ,তৰালী ডেকাৰ পৰা ১২ হেজাৰ,পায়েল ডেকা ( ছাত্ৰী)ৰ পৰা ৫ হেজাৰ,ধৰণী হালৈৰ পৰা ১০ হেজাৰ,পাৰুল ডেকাৰ পৰা ২৬ হেজাৰ,ৰশ্মি বৈশ্যৰ পৰা ১০ হেজাৰ,মিতালী কলিতা বৈশ্যৰ পৰা ১০ হেজাৰ টকা হস্তগত কৰিছে । ইয়াৰ উপৰিও আৰু ভালেকেইগৰাকী মহিলা গ্ৰাহকৰ জমাধন বেংক মিত্ৰগৰাকীয়ে হজম কৰিছে । অৱশেষত বেংক মিত্ৰগৰাকীৰ এই চক্ৰান্ত ফাদিল হৈ পৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইতিমধ্যে গোটেই কেইগৰাকী মহিলা গ্ৰাহকে জাগাৰা শাখা কাৰ্যালয়ত উপস্থিত হৈ শাখা পৰিচালকক লগ কৰি বেংক মিত্ৰগৰাকীৰ ওপৰত লিখিত অভিযোগ দাখিল কৰিছে । এইক্ষেত্ৰত শাখা পৰিচালকগৰাকীয়ে বেংক মিত্ৰগৰাকীৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande