
–অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজোৰা সাধনাৰে ভাৰতৰত্ন লোকপ্রিয় বৰদলৈ দেবে সাগৰসম বৰঙণি আগবঢ়াইছিল: মুখ্যমন্ত্রী
–বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাম-কাজৰ জৰিয়তেই কথা কৈ যাবঃ মুখ্যমন্ত্রী
–চৰকাৰৰ লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশঃ মুখ্যমন্ত্রী
গুৱাহাটী, ১৩ মে' (হি.স.)। মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শর্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণৰ পিছত আজি প্রথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ শান্তিস্থলত উপস্থিত হৈ আধুনিক অসমৰ ৰূপকাৰ, স্বাধীনতা সংগ্রামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি আৰু স্মাৰকত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰি সশ্রদ্ধ শ্রদ্ধাঞ্জলি নিবেদন কৰে।
শ্রদ্ধাঞ্জলি নিবেদনৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমক সম্বোধন কৰি ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈক আধুনিক অসমৰ ৰূপকাৰতথা নির্মাতা বুলি অভিহিত কৰিকয় যে অসমৰ সুৰক্ষা আৰু বিকাশৰবাবে জীৱনজোৰা সাধনাৰে তেখেতে সাগৰসম বৰঙণি আগবঢ়াইছিল। মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। ভাৰতৰ স্বাধীনতাৰ প্রাকক্ষণ আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবেকাম কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাবে কাম-কাজ আৰম্ভ কৰাৰ প্ৰাকমূহূৰ্তত ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰলৈ আহি তেখেতৰ প্রতি সশ্রদ্ধ প্রণিপাত আৰু শ্রদ্ধাঞ্জলি নিবেদন কৰা হৈছে।
মুখ্যমন্ত্রীয়ে কয় যে আজিৰ পৰাই বৰ্তমান ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰিব। সেইবাবে অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ লগতে ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাৰ সপোন পূৰণ কৰাৰ বাবে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আশীৰ্বাদ বিচৰা হৈছে। তেওঁ কয় যে অসমৰ চাৰিসীমাৰ ভিতৰত অসম-অসমীয়া আৰু ভাৰতীয় যাতে সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু ৰাজ্যখনলৈবিকাশৰ গংগা যাতে নমাই আনিব পাৰি তাৰবাবে ৰাজ্য চৰকাৰে নিৰন্তৰ কাম-কাজ অব্যাহত ৰাখিব। বর্তমানৰ ৰাজ্য চৰকাৰখনে কাম-কাজৰ জৰিয়তেই কথাকৈ যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়েকয় যে চৰকাৰৰ লক্ষ্য- উদ্দেশ্যেৰপ্রতিফলন কাম-কাজৰ জৰিয়তে ৰাইজে দেখিবলৈ পাব। মুখ্যমন্ত্রীয়ে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ সহধৰ্মিণী স্বনামধন্যা সুৰবালা বৰদলৈৰ স্মাৰকত বন্তিপ্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰি তেখেতৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো, ৰামেশ্বৰ তেলী, গুৱাহাটী লোকসভা সমষ্টিৰসাংসদ বিজুলী কলিতা মেধি,বিধায়ক প্রদ্যুৎ বৰদলৈ, দীপ্লুৰঞ্জন শৰ্মা,বিজয় গুপ্তা প্রমূখ্যে গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী