
চেন্নাই, ১৩ মে’(হি.স.)। মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ নেতৃত্বত তামিলনাডু বিধানসভা চৰকাৰে আস্থা ভোট লাভ কৰিছে। বিজয় ৰূপানীক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ১১৭ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল যদিও সদনত ১৪৪ জন সদস্যৰ সমৰ্থন লাভ কৰে। এআইএডিএমকেৰ ২৭ জন সদস্যইও চৰকাৰৰ সপক্ষে ভোটদান কৰে।
তামিলনাডুত ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হয় বিধানসভাৰ কাৰ্য্যবিধি। তামিলনাডু ভেট্ৰি কাঝাগাম পাৰ্টিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন আছিল। ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা টিভিকে ৰাজ্যত গঠন কৰিলে চৰকাৰ। আজি টিভিকে চৰকাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। বিধানসভাৰ অধ্যক্ষই এই কাৰ্য্যসূচী আৰম্ভ কৰে, আৰু তাৰ পিছত টিভিকে চৰকাৰৰ আস্থা ভোটৰ বাবে ভোটদান কৰা হয়। তামিলনাডুৰ টিভিকে চৰকাৰক ক্ষমতাত থাকিবলৈ কমেও ১১৮জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আস্থা ভোটদানৰ সময়ত চৰকাৰে ১৪৪ জন সদস্যৰ সমৰ্থন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।
টিভিকে দলৰ ১০৬ জন সদস্যৰ উপৰিও কংগ্ৰেছৰ ৫ জন বিধায়কে, বিদুথলাই চিৰুথাইগল কট্চীৰ দুজন, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ দুজন, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ দুজন, আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ দুজন বিধায়কে চৰকাৰৰ সপক্ষে ভোটদান কৰে। নিৰ্দলীয় বিধায়ক কামৰাজেও চৰকাৰক সমৰ্থন কৰে। তদুপৰি এআইএডিএমকেৰ ২৭জন সদস্যইও চৰকাৰৰ সপক্ষে ভোটদান কৰে। এইদৰে মুখ্যমন্ত্রী বিজয়ে সদনত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া