
পুডুচেৰী, ১৩ মে’ (হি.স.)। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতা তথা সৰ্বভাৰতীয় এন আৰ কংগ্ৰেছ (এআইএনআৰচি)ৰ প্ৰতিষ্ঠাপক এন ৰংগাছামীয়ে বুধবাৰে পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লেফটেনেণ্ট গৱৰ্ণৰ কৈলাশনাথনে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। তেওঁৰ লগত বিজেপিৰ এ নমছিৱাম আৰু এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণ ৰাৱে মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে।
আজি পুৱা ৯:৪৭ বজাত লেফটেনেণ্ট গৱৰ্ণৰ হাউছ কমপ্লেক্সত পুডুচেৰীৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এন ৰংগাছামীয়ে পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগত বিজেপিৰ এ নমছিৱাম আৰু এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণ ৰাৱে মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে মল্লাদী কৃষ্ণ ৰাৱে তেলেগু ভাষাত শপত গ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে বন্দে মাতৰম আৰু জাতীয় সংগীতৰ লগতে তৃতীয় শাৰীত গোৱা হয় তামিল থাই বজ্থু। শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে দলৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। এসপ্তাহৰ ভিতৰত হ’ব মন্ত্ৰীসকলৰ সম্পূৰ্ণ শপতগ্ৰহণ। সেই সময়ত পৰ্টফলিঅ’ আবণ্টনৰ কথা ঘোষণা কৰা হ’ব।
পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ৰংগাসামীয়ে খোজকাঢ়ি বিধানসভাত উপস্থিত হয়। তাত তেওঁ আৰক্ষীৰ পেৰেড চেলুট গ্ৰহণ কৰি নিজৰ চেম্বাৰত গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰাৰ পিছত সাংবাদিকৰ আগত কয়, পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। আজি আমি কেইবাখনো আঁচনিৰ সৈতে জড়িত ফাইলত চহী কৰিছো। বীমা আঁচনিৰ সুবিধা হালধীয়া ৰেচন কাৰ্ডধাৰীলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে কেৱল ৰঙা ৰেচন কাৰ্ডধাৰীয়েহে বীমাৰ সুবিধা লাভ কৰিছিল।
এতিয়া পুডুচেৰীত হালধীয়া ৰেচন কাৰ্ডধাৰীক চৰকাৰী চিকিৎসালয়ত উপলব্ধ নোহোৱা চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত কৰা চিকিৎসাৰ খৰচ সৰ্বাধিক ৩ লাখ টকা পৰ্যন্ত ঘূৰাই দিয়া হ’ব। এই ধনৰাশি ৰাজ্য চৰকাৰে বহন কৰিব।
লগতে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে চেদাৰাপেট অঞ্চলত উদ্যোগিক অঞ্চল স্থাপনৰ ফাইলত স্বাক্ষৰ কৰে। পুডুচেৰীৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা হ'ব নামো পুডুচেৰী কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ। ইয়াৰ দ্বাৰা আন্তঃগাঁথনি উন্নয়ন, অত্যাধুনিক কৰ্কট চিকিৎসাৰ সুবিধা, কাৰিকৰী সঁজুলি, গৱেষণাৰ পৰিৱেশ, আৰু বিশেষজ্ঞ চিকিৎসকৰ নিৰ্বাচন আৰু প্ৰশিক্ষণ নিশ্চিত হ’ব। ক্ৰীড়াৰ উন্নয়নৰ বাবে এখন ষ্টেডিয়াম নিৰ্মাণৰ ফাইলতো স্বাক্ষৰ কৰা হয়।
উল্লেখযোগ্য যে ৯ এপ্ৰিলত পুডুচেৰীত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৪ মে’ত হৈছিল। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতা এন ৰংগাছামীৰ নেতৃত্বত পুনৰ ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ