তামিলনাডুৰ তিৰুপপুৰত পথ দুৰ্ঘটনাতএজন আৰক্ষী সহ ছয়জন লোক নিহত
তিৰুপুৰ (তামিলনাডু), ১৩ মে’ (হি.স.)। তামিলনাডুৰ তিৰুপপুৰ জিলাৰ ভেল্লাকোভিল-কাৰুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আৰক্ষী চেকপোষ্টৰ সমীপত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰ্তব্যৰত আৰক্ষী সহ ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আৰক্ষী জোৱান ৰবিচন্দ্ৰনে ৰোড ডিভাইডাৰ
Accident


তিৰুপুৰ (তামিলনাডু), ১৩ মে’ (হি.স.)। তামিলনাডুৰ তিৰুপপুৰ জিলাৰ ভেল্লাকোভিল-কাৰুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আৰক্ষী চেকপোষ্টৰ সমীপত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰ্তব্যৰত আৰক্ষী সহ ৬ জন লোকৰ থিতাতে মৃত্যু হয়।

আৰক্ষী জোৱান ৰবিচন্দ্ৰনে ৰোড ডিভাইডাৰত খুন্দা মৰা এখন ট্ৰাক আঁতৰাবলৈ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। ইফালে তীব্ৰবেগী গাড়ী এখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনৰ লগত খুন্দা মাৰে। দুৰ্ঘটনাত নিহত হয় আৰক্ষী জোৱান ৰবিচন্দ্ৰন, ট্ৰাক চালক আৰু গাড়ীখনত থকা আন চাৰিজন লোক।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হয়। সকলোৰে মৃতদেহ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়াও চিনাক্ত হোৱা নাই মৃত লোককেইজনৰ। এই সন্দৰ্ভত ভেলাকোভিল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande