বঢ়মপুৰত চোৰৰ উপদ্ৰৱ
নগাঁও, ১৩ মে (হি.স.)। নগাঁৱত আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুযোগ লৈ সংঘটিত কৰি আছে এটাৰ পিছত এটা চুৰিকাণ্ড। এইবাৰ চোৰৰ চকু পৰিছে গৃহস্থৰ তামৰ তাৰৰ ওপৰত।বঢ়মপুৰৰ গোমোঠাগাঁৱত চোৰে চুৰি কৰি নিলে কেইবাটাও বাসগৃহৰ আৰ্থিংত ব্যৱহাৰ কৰা তামৰ তাৰ।সঘনাই সংঘটিত হোৱা
বঢ়মপুৰত চোৰৰ উপদ্ৰৱ


নগাঁও, ১৩ মে (হি.স.)। নগাঁৱত আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুযোগ লৈ সংঘটিত কৰি আছে এটাৰ পিছত এটা চুৰিকাণ্ড।

এইবাৰ চোৰৰ চকু পৰিছে গৃহস্থৰ তামৰ তাৰৰ ওপৰত।বঢ়মপুৰৰ গোমোঠাগাঁৱত চোৰে চুৰি কৰি নিলে কেইবাটাও বাসগৃহৰ আৰ্থিংত ব্যৱহাৰ কৰা তামৰ তাৰ।সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডক লৈ অতিষ্ঠ হৈ পৰিছে গাঁওবাসী।চোৰৰ এনেবোৰ কাণ্ডৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ।উল্লেখ্য যে বিগত কেইবামাহত বঢ়মপুৰৰ বিভিন্ন অঞ্চলত গৰু চুৰি, পানীৰ মটৰ চুৰিকে ধৰি বহু চুৰিকাণ্ড সংঘটিত হৈ আহিছে।স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক নিয়মীয়া পুলিচ পেট্ৰোলিংৰ ব্যৱস্থা কৰি চুৰিকাণ্ড ৰোধ কৰাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande