তামুলপুৰৰ গয়বাৰীত আজি ১৮ সংখ্যক ৰঙালী বিহু উৎসৱ
তামুলপুৰ, ১৩ মে (হি.স.)। তামুলপুৰৰ গয়বাৰীত আজি ১৮ সংখ্যক ৰঙালী বিহু উৎসৱ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপনৰ এক বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন হৈ যায়। গয়বাৰী ব্লক বিপিএফৰ উদ্যোগত আয়োজিত এই বিশেষ অনুষ্ঠানত গয়বাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সদ্যঘ
তামুলপুৰৰ গয়বাৰীত আজি ১৮ সংখ্যক ৰঙালী বিহু উৎসৱ


তামুলপুৰ, ১৩ মে (হি.স.)। তামুলপুৰৰ গয়বাৰীত আজি ১৮ সংখ্যক ৰঙালী বিহু উৎসৱ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপনৰ এক বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন হৈ যায়। গয়বাৰী ব্লক বিপিএফৰ উদ্যোগত আয়োজিত এই বিশেষ অনুষ্ঠানত গয়বাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ৪ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয়।

দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মুখ্যদ্বাৰ উন্মোচন আৰু গছপুলি ৰোপণৰ পিছতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা বিহুৱতী আৰু নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতেই কৃতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বিশেষ সাধাৰণ সভাত প্ৰতিগৰাকী মেধাৱী শিক্ষাৰ্থীক ফুলাম গামোচা, আৰণাই আৰু মানপত্ৰৰে উৎসাহিত কৰা হয়। বিহুৰ আনন্দ আৰু শৈক্ষিক সফলতাৰ এই মিলনভূমিত সন্ধিয়া মুকলি বিহু প্ৰদৰ্শনৰ লগতে নিশা ৰাজ্যৰ বিশিষ্ট শিল্পীৰ গীতৰ শৰাইৰে এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande