ইতিবাচক ৰূপত মুকলি শ্বেয়াৰ বজাৰ, চেন্সেক্স ১৩৮ পইণ্ট উত্থান
নতুন দিল্লী, ১৩ মে’ (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ঘৰুৱা শ্বেয়াৰ বজাৰত। অৱশ্যে সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন বুধবাৰে ইতিবাচক ৰূপত মুকলি হয় শ্বেয়াৰ বজাৰ। বৰ্তমান দুয়োটা প্ৰধান সূচকাংকৰ ব্যৱসা
ষ্টক মাৰ্কেটৰ ল'গ'ৰ প্ৰতীকী ছবি


নতুন দিল্লী, ১৩ মে’ (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ঘৰুৱা শ্বেয়াৰ বজাৰত। অৱশ্যে সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন বুধবাৰে ইতিবাচক ৰূপত মুকলি হয় শ্বেয়াৰ বজাৰ। বৰ্তমান দুয়োটা প্ৰধান সূচকাংকৰ ব্যৱসায় অধিক।

বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ১৩৭.৬৪ পইণ্ট বা ০.১৮ শতাংশ বৃদ্ধি ৭৪,৬৯৬.৮৮ পইন্ট হয়গৈ । নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিৰ মূল্যও ৬৬.২৫ পইণ্ট বা ০.২৮ শতাংশ বৃদ্ধিৰে ২৩,৪৪৫.৮০ টকাত ব্যৱসায় কৰা হৈছে।

৩০ শ্বেয়াৰৰ চেন্সেক্স সূচকাংকৰ ভিতৰত এনটিপিচি, বাজাজ ফাইনেন্স, ষ্টেট বেংক অৱ ইণ্ডিয়া, পাৱাৰ গ্ৰীড, টাইটান, আৰু এক্সিছ বেংক আদি ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এছিয়ান পেইণ্টছ, আদানি প’ৰ্টছ, টাটা ষ্টীল, আৰু কোটাক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ বৃদ্ধি পায়।

একেদৰে দক্ষিণ কোৰিয়াৰ কস্পি, জাপানৰ নিকেই ২২৫, চীনৰ এছ এছ ই কম্পোজিট, হংকঙৰ হাং চেংকে ধৰি এছিয়াৰ শ্বেয়াৰ বজাৰত পজিটিভ জ’নত ব্যৱসায় চলি আছে। ইফালে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১০৬.৬ ডলাৰ হৈছেগৈ।

উল্লেখযোগ্য যে কালি একেৰাহে চতুৰ্থবাৰৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰত অৱনতি ঘটিছে। চেন্সেক্স ১৪৫৬ পইণ্ট হ্ৰাস পাই ৭৪,৫৫৯ পইণ্টত বন্ধ হয়। নিফটিও ৪৩৬ পইণ্ট হ্ৰাস পাই ২৩,৩৭৯ পইণ্টত বন্ধ হয়। যোৱা চাৰিদিনত চেন্সেক্সৰ মূল্য প্ৰায় ৩৫০০ পইণ্ট আৰু নিফটিৰ মূল্য প্ৰায় ১০০০ পইণ্ট হ্ৰাস পাইছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande