জুবিন হত্যাৰ গোচৰঃ শ্যামকানু মহন্তৰ জামিন আবেদনৰ গৌহাটী উচ্চ ন্যায়ালয়ত শুনানি
গুৱাহাটী, ১৩ মে’ (হি.স.)। জনপ্ৰিয় গায়ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গৌহাটী উচ্চ ন্যায়ালয়ত হ’ব । ফাষ্ট ট্ৰেক আদালতে বহুবাৰ প্ৰত্যাখ্যান কৰাৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত। এই বিষ
जुबीन


গুৱাহাটী, ১৩ মে’ (হি.স.)। জনপ্ৰিয় গায়ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গৌহাটী উচ্চ ন্যায়ালয়ত হ’ব ।

ফাষ্ট ট্ৰেক আদালতে বহুবাৰ প্ৰত্যাখ্যান কৰাৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত। এই বিষয়টোৱে আইনী মহলত যথেষ্ট আলোচনাৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি আজিৰ শুনানিৰ সময়ত দুয়োপক্ষৰ যুক্তি আদালতৰ সন্মুখত দাখিল কৰা হ’ব।

লক্ষণীয় যে এপ্ৰিল মাহত অভিযোগনামাত দুয়োপক্ষৰ যুক্তি শুনানিৰ পিছত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল আৰু তাৰ পিছত ৩০ এপ্ৰিলত নাকচ কৰিছিল।আন এজন মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande