মুকালমুৱাত আৰক্ষীৰ অভিযান, বিলাসী বেলেনো বাহনৰ পৰা ৪টা চুৰি গৰু উদ্ধাৰ
নলবাৰী, ১৩ মে (হি.স.)। ৰাজ্যত অব্যাহত থকা গৰু চুৰি চক্ৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ঘোগাত আজি পুৱতি নিশা চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪ টাকৈ চুৰি গৰু। এক গ
মুকালমুৱাত আৰক্ষীৰ অভিযান, বিলাসী বেলেনো বাহনৰ পৰা ৪টা চুৰি গৰু উদ্ধাৰ


নলবাৰী, ১৩ মে (হি.স.)। ৰাজ্যত অব্যাহত থকা গৰু চুৰি চক্ৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ঘোগাত আজি পুৱতি নিশা চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪ টাকৈ চুৰি গৰু। এক গোপন সূত্ৰৰ পম খেদি আদাবাৰী পহৰা চকীৰ আৰক্ষী বিষয়া দীপক বৰকাকতীৰ নেতৃত্বত চলোৱা এই অভিযানত এ এছ ০১ এফ কিউ ৮৬১৬ নম্বৰৰ এখন বিলাসী বেলেনো বাহন জব্দ কৰা হয়।

আৰক্ষীৰ চকুত ধূলি দিবলৈ চোৰৰ দলটোৱে বিলাসী বাহন ব্যৱহাৰ কৰিছিল আৰু বাহনখনৰ ভিতৰত অতি নিষ্ঠুৰভাৱে গৰুকেইটা বান্ধি থৈছিল। আৰক্ষীৰ তৎপৰতাত এই কু-পৰিকল্পনা বিফল হয় যদিও আন্ধাৰৰ সুযোগ লৈ অভিযুক্তসকল পলাই যাবলৈ সক্ষম হয়।বৰ্তমান বাহন আৰু গৰুকেইটা মুকালমুৱা থানাত ৰখা হৈছে।আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক অভিযুক্তৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। দিনক দিনে বৃদ্ধি পোৱা এনে অভিনৱ পদ্ধতিৰ গৰু চুৰিয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande