
নতুন দিল্লী, ১৩ মে’ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ পিছত বুধবাৰে ঘৰলৈ উভতি আহে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰামেশে এক বিবৃতিত কয় যে গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ পিছত ছোনিয়া গান্ধী এতিয়া ঘৰলৈ উভতি আহিছে ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত ২৪ মাৰ্চত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। সেই সময়ত হাঁওফাঁও সম্পৰ্কীয় সমস্যাৰ বাবে তেওঁক ডাঃ অৰূপ বসুৰ তত্বাৱধানত চিকিৎসা কৰোৱা হৈছিল।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ