ৰঙিয়াৰ উদীয়মান যুৱক তথা কৃষক ৰমেন কলিতাই দাঙি ধৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন
স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ উদীয়মান যুৱক তথা কৃষক ৰমেন কলিতাই।
ৰঙিয়াৰ উদীয়মান যুৱক তথা কৃষক ৰমেন কলিতাই দাঙি ধৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন


কামৰূপ, ১৩ মে’ (হি.স.): স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ উদীয়মান যুৱক তথা কৃষক ৰমেন কলিতাই । চৰকাৰী চাকৰিক আশা নকৰি কৃষি কাৰ্মৰ জৰিয়তে নিজকে মনোনিৱেশ কৰিছে কৃষক ৰমেন কলিতাই ।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সুন্দৰীশাল গাওঁৰ বাসিন্দা ৰমেন কলিতা এতিয়া হৈ পৰিছে সকলোৰে বাবে আদৰ্শ স্বৰূপ । তেওঁৰ কৃষি পামত মীন পালন, হাহকুকুৰা পালন, নাৰ্জি ফুলৰ খেতি, ৰঙালাউ আদিকে ধৰি বিভিন্ন সামগ্ৰী উপলব্ধ।যিটো সময়ত এচাম নিবনুৱা যুৱক যুৱতীয়ে এটি চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হৈছে সেই সময়তে উদীয়মান কৃষক ৰমেন কলিতাই নিজৰ ভূমিতে ভিন্ন খেতি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । যাৰ জৰিয়তে তেওঁ ইতিমধ্যেই নিজৰ পৰিয়ালটিক সুন্দৰ ভাৱে পোহপাল দিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande