বিশিষ্ট শিল্পী, অভিনেতা, নাট্যকাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বিয়োগ
গোৱালপাৰা, ১৩ মে (হি.স.)। বিশিষ্ট শিল্পী, অভিনেতা, নাট্যকাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বিয়োগ ।শিল্পী কুলেন্দ্ৰ ৰায় চৌধুৰীৰ আকস্মিক মৃত্যুত মৃয়মান সকলো ৷ গোৱালপাৰাৰ ধূপধৰাত শোকৰ ছাঁ ৷ ধূপধৰাৰ খেকাপাৰাৰ বাসগৃহত শিল্পী, নাট্যকৰ্মী, গুণমুগ্ধ উপস্থিত হৈ শেষ
বিশিষ্ট শিল্পী, অভিনেতা, নাট্যকাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বিয়োগ


গোৱালপাৰা, ১৩ মে (হি.স.)। বিশিষ্ট শিল্পী, অভিনেতা, নাট্যকাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীৰ বিয়োগ ।শিল্পী কুলেন্দ্ৰ ৰায় চৌধুৰীৰ আকস্মিক মৃত্যুত মৃয়মান সকলো ৷ গোৱালপাৰাৰ ধূপধৰাত শোকৰ ছাঁ ৷ ধূপধৰাৰ খেকাপাৰাৰ বাসগৃহত শিল্পী, নাট্যকৰ্মী, গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট নাট্যকৰ্মী, পৰিচালক গৰাকীক ৷ নাট্যজগত উকা কৰি অকালতে গুচি গ’ল বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা কুলেন্দ্ৰ ৰায় চৌধুৰী ৷

কালি নিজ বাসগৃহত অসুস্থ হৈ পৰাত ধুপধৰাৰ বাসগৃহৰ পৰা জি এম চি এইছ লৈ নিয়াৰ পথতে আদবাটতে প্ৰাণ ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷

ধূপধৰাৰ খেকাপাৰাত ঘৰ কুলেন্দ্ৰ ৰায় চৌধুৰীৰ ৷ নিজ গৃহত হঠাতে পেটৰ বিষত আক্ৰান্ত হয় বিশিষ্ট অভিনেতা গৰাকী ৷ প্ৰথমে ধূপধৰা বিকালী মডেল হস্পিতাল তাৰ পিছত বকোৰ এখন ব্যক্তিগত চিকিৎসালয় আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও জি,এম,চিলৈ লৈ গৈ থকা সময়তে আদবাটতে প্ৰাণ ত্যাগ কৰে অভিনেতা গৰাকী ৷

পৰৱৰ্তী পৰ্যায়ত ধুপধৰাৰ খেকাপাৰাৰ বাসগৃহলৈ নশ্বৰদেহ লৈ অনাৰ পিছতে অগণন গুণমুগ্ধ , শিল্পী, অভিনেতা, নিজৰ নাট্য ছাত্ৰ আদি ভিৰ কৰে বাসগৃহত ৷ ইতিমধ্যে অন্তিম সংস্কাৰৰ বাবে নিয়া হয় নশ্বৰদেহ ৷ ৪২ বছৰ বয়সতে পৰলোকপ্ৰাপ্তি ঘটে কুলেন্দ্ৰ ৰায় চৌধুৰীৰ ৷

বিশিষ্ট অভিনেতা গৰাকীয়ে কেবাখনো ছবিৰ লগতে বিভিন্ন ৱেব চিৰিজ, ধাৰাবাহিকত অভিনয় কৰাৰ উপৰি জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউত পষ্টতটো অভিনয় কৰিছিল ৷ লগতে নিজে ছবি ,নাট পৰিচালনাও কৰিছিল কুলেন্দ্ৰ ৰায় চৌধুৰীয়ে ৷ শেহতীয়া ছবি “ চিনেমা চিনেমা” ৰ কাম সম্পূৰ্ণ নৌহওঁতেই অকালতে এই সংসাৰৰ পৰা বিদায় মাগিলে পৰিচালক গৰাকীয়ে ৷

তেওঁ নাটকৰ প্ৰতি বহু যুৱ চামক আকৃষ্ট কৰি নিজে কৰ্মশালাৰ জৰিয়তে শিক্ষা প্ৰদান কৰি গৈছিল ৷ এতিয়া মৃয়মান সকলো ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande