
নগাঁও, ১৩ মে (হি.স.)। নিশা ৰূপহীহাটৰ গুনাবাৰীত চুপাৰি ফেক্টৰীত চুৰি কাণ্ডৰ ঘটনা। চোৰে লুটি নিলে ১৯০ বস্তা চিকনি চুপাৰি।
চুৰে তলা ভাঙি গুদামত প্ৰৱেশ কৰি প্ৰায় ৬০ লখাধিক টকাৰ চিকনি চুপাৰি লুটি নিয়াৰ অভিযোগ। গুনাবাৰীৰ খুর্শীদ আলমৰ আলবিন এন্টাৰপ্ৰাইজ নামৰ ফেক্টৰীত নিশা চোৰে চলাই লুটপাট।
দিনৰ ভাগত চুপাৰিখিনি বিক্ৰীৰ বাবে বহি:ৰাজ্যৰ ব্যৱসায়ৰ সৈতে চলাইছিল জু-যা। ঘৰত খুর্শীদ আলম নথকাৰ সুযোগ বুজি চোৰে চলালে লুটপাট।
আলিবিন এন্টাৰপ্ৰাইজ আৰু SR চিকনি চুপাৰি ট্ৰেডাছৰ পৰা লুটিনিয়াৰ অভিযোগ উত্থাপিত হৈছে গোদামত বা ঘৰত নাছিল কোনো চিচিটিভিৰ ব্যৱস্থা।
ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত অৱগত কৰোৱাই আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব প্ৰকৃত সত্য।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা