
ধুবুৰী, ১৩ মে’ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ বৰুণডাঙ্গাত যোৱা কালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে মটৰ চাইকেল আৰোহীয়ে । ফলত গুৰুতৰ ভাবে আহত হয় মটৰ চাইকেলত থকা তিনি আৰোহী ।
দুৰ্ঘটনাটত আহত কেইজনৰ নাম ক্ৰমে ৰূপক ৰায়, চিত্তৰঞ্জন ৰায় আৰু জিংকু ৰায় বুলি জানিব পৰা গৈছে । তিনিওৰে ঘৰ গোলকগঞ্জৰ বিছনদৈত। ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত বৰুণডাঙ্গাত সংঘটিত হয় এই পথ দুৰ্ঘটনা । দূৰ্ঘটনাগ্ৰস্ত এমটি–১৫ বাইকখনৰ নম্বৰ এএছ ১৭ এছ ৫২৬১ বুলি জনা গৈছে। স্থানীয় লোকে তিনিওকে উদ্ধাৰ কৰি মটৰঝাৰ আদৰ্শ চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।তামাৰহাটৰ পৰা ধুবুৰী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাহন খন । ঘটনাস্থলীত পাগলাহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ