
যোৰহাট, ১৩ মে (হি.স.)। যোৰহাটৰ চাৰিলেনযুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেৰগাঁৱৰ দিশৰ পৰা অহা দুই বাইক আৰোহি যুৱকক আঠমাইলত এখন তীব্ৰবেগী ডাম্পাৰে।
দুই বাইক আৰোহীৰ অৱস্থা সংকটজনক। বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা নাই যদিও তেওঁলোকৰ ঘৰ নেঘেৰিটিঙত বুলি জানিব পৰা গৈছে।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে এ এছ ০৫ চি ১৭৩১ । আনহাতে দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে এ এছ ০৫ ইউ ৯৩৬৭ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ