উচ্চতম ন্যায়ালয় পালেগৈ নেট– ইউ. জি. ২০২৬-ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰ
নতুন দিল্লী, ১৩ মে’ (হি.স.)। চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ সৈতে সম্পৰ্কিত পৰীক্ষা এন. ইইটি. ইউ. জি. ২০২৬ প্ৰশ্নপত্ৰ ফাদিলৰ গোচৰটো উচ্চতম ন্যায়ালয়ত পাইছেগৈ। ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ চিয়েশ্যনে (এফ. এ. আই. এম. এ.) এন. ইইটি. ২০২৬ অনুষ্ঠিত
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ১৩ মে’ (হি.স.)। চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ সৈতে সম্পৰ্কিত পৰীক্ষা এন. ইইটি. ইউ. জি. ২০২৬ প্ৰশ্নপত্ৰ ফাদিলৰ গোচৰটো উচ্চতম ন্যায়ালয়ত পাইছেগৈ। ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ চিয়েশ্যনে (এফ. এ. আই. এম. এ.) এন. ইইটি. ২০২৬ অনুষ্ঠিত কৰাত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন. টি. এ.) ৰ পদ্ধতিগত বিফলতাক প্ৰত্যাহ্বান জনাইছে।

এফ. এ. আই. এম. এ দাবী কৰিছে যে গোচৰটো উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰিব লাগে আৰু ইয়াৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত হ ব লাগে।

আৱেদনটোত এন. ইইটি. ২০২৬ পুনৰ অনুষ্ঠিত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিবলৈ এক উচ্চ ক্ষমতাসম্পন্ন নিৰীক্ষণ সমিতি গঠন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আবেদনখনত আনুষ্ঠানিকভাৱে নতুন স্বতন্ত্ৰ পৰীক্ষা সংস্থা গঠন নোহোৱালৈকে একেটা ন্যায়িক সমিতিৰ তত্বাৱধানত এন. ইইটি. ২০২৬-ৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande