
নতুন দিল্লী, ১৩ মে’ (হি.স.)। প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ প্ৰতিকৃতিক ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু কংগ্ৰেছৰ সাংসদ ড° চৈয়দ নাছিৰ হুছেইনে এক্স-পোষ্টত তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।
ৰাষ্ট্ৰপতিৰ অফিচিয়েল এক্স-পোষ্ট হেণ্ডেলত এটা পোষ্টত লিখা আছিল, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদক ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ জন্ম বাৰ্ষিকীত ফুলৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক্স-পোষ্টত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সাংসদ ড০ চৈয়দ নাছিৰ হুছেইনে কয় যে ফখৰুদ্দিন আলী আহমেদৰ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ আৰু সাংবিধানিক মূল্যবোধ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
উল্লেখযোগ্য যে ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি আছিল। ১৯০৫ চনৰ ১৩ মে’ত দিল্লীত জন্মগ্ৰহণ কৰা তেখেতৰ মৃত্যু হয় ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীত। পেছাত এজন অধিবক্তা আছিল আৰু স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা পালন কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়তো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। জৱাহৰলাল নেহৰুৰ ঘনিষ্ঠ সহযোগী আহমেদে অসমত ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু কেইবাবাৰো সংসদলৈ নিৰ্বাচিত হৈছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা, জলসিঞ্চন আৰু শক্তি, উদ্যোগ, আৰু কৃষিকে ধৰি পৰ্টফলিঅ’ লাভ কৰিছিল।
১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতৰ কাৰ্যকালত ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে উত্তৰ প্ৰদেশ চৰকাৰে ১৯৭৬ চনত ফখৰুদ্দিন আলী আহমেদ সোঁৱৰণী সমিতি গঠন কৰে, যিয়ে এতিয়াও উৰ্দু, আৰবী আৰু পাৰ্চী ভাষাৰ ছাত্ৰ-ছাত্ৰীক সোণৰ পদক আৰু বৃত্তি প্ৰদান কৰে। এই কমিটীয়ে পি এইচ ডি আৰু ডি.লিট গৱেষকসকলক উৰ্দু সাহিত্য আৰু ভাষাৰ প্ৰসাৰৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া