
লক্ষ্ণৌ, ১৩ মে’ (হি.স.)। সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ কনিষ্ঠ ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে লক্ষ্ণৌত মৃত্যু হয়। তেওঁৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ। সূত্ৰ অনুসৰি তেওঁ অসুস্থ হৈ আছিল।
অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ মতে, পুৱা ৬:০০ বজাত প্ৰতীক যাদৱক অসামৰিক চিকিৎসালয়লৈ অনা হয়। চিকিৎসালয় পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। প্ৰতীক আছিল এজন ফিটনেছ অনুৰাগী। তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰয়াত মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ। তেওঁৰ পত্নী অপৰ্ণা যাদৱ এগৰাকী বিজেপি নেত্ৰী আৰু উত্তৰ প্ৰদেশ মহিলা আয়োগৰ উপ-সভানেত্ৰী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া