
নতুন দিল্লী, ১৩ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰৰ পৰা (১৫-২০ মে’) পাঁচখন দেশৰ ভ্ৰমণত নামিব । ইয়াৰ ভিতৰত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), নেদাৰলেণ্ড, ছুইডেন, নৰৱে, ইটালী আদি অন্তৰ্ভুক্ত।
বৈদেশিক মন্ত্ৰালয়ৰ সচিব (পশ্চিম) ছিবি জৰ্জৰ মতে, সদ্য চূড়ান্ত কৰা ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ পটভূমিত এই ভ্ৰমণ। ইয়াৰ মূল লক্ষ্য হ’ব বাণিজ্য, বিনিয়োগ, উদ্ভাৱন, সেউজ প্ৰযুক্তি, আৰু কৌশলগত সহযোগিতাৰ ওপৰত।
জৰ্জৰ মতে, ১৫ মে’ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ই ভ্ৰমণ কৰিব আৰু ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক, শক্তি সহযোগিতা, আৰু আঞ্চলিক বিষয়ত আলোচনা কৰিব। ভাৰত আৰু ইউ এ ইৰ এক ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, আৰু উপসাগৰীয় দেশখনত ৪৫ লাখতকৈ অধিক ভাৰতীয় লোকৰ বাসস্থান।
সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ ইউ এ ই ভ্ৰমণৰ মূল কেন্দ্ৰবিন্দু হ’ব শক্তি সুৰক্ষা। এই ভ্ৰমণৰ সময়ত দুখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে, এল পি জি আৰু কৌশলগত পেট্ৰলিয়াম মজুতৰ ক্ষেত্ৰত।
ইয়াৰ পিছত ১৫–১৭ মে’ৰ পৰা নেদাৰলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৭ চনৰ পিছত এয়া তেওঁৰ দ্বিতীয়টো দেশ ভ্ৰমণ।ডাচ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব, ৰজা আৰু ৰাণী উইলেম-আলেকজেণ্ডাৰ আৰু মেক্সিমাক সাক্ষাৎ কৰিব, ভাৰতীয় সম্প্ৰদায় আৰু ব্যৱসায়িক নেতাৰ সৈতে মত বিনিময় কৰিব।
১৭ মে’ত ছুইডেনৰ আনুষ্ঠানিক ভ্ৰমণৰ বাবে গ’থেনবাৰ্গলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০১৮ চনত প্ৰথম ভাৰত-নৰ্ডিক সন্মিলনৰ পিছত এইখন তেওঁৰ দ্বিতীয়খন দেশ ভ্ৰমণ।এই ভ্ৰমণৰ প্ৰধান উদ্দেশ্য হ’ব ভাৰত-ছুইডেন উদ্ভাৱন অংশীদাৰিত্বৰ অধীনত সম্পৰ্ক শক্তিশালী কৰা।
সচিব (পশ্চিম)ৰ মতে, ২০২৫ চনত ভাৰত আৰু ছুইডেনৰ মাজত দ্বিপাক্ষিক বাণিজ্য ৭.৭৫ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ প্ৰকল্প কৰা হৈছে, ভাৰতত ২৮০ টাতকৈও অধিক ছুইডেনৰ কোম্পানী আৰু ছুইডেনত ৭৫ টাতকৈও অধিক ভাৰতীয় কোম্পানীয়ে কাম কৰি আছে। জলবায়ু কাৰ্য্য, সেউজ প্ৰযুক্তি, প্ৰতিৰক্ষা উৎপাদন, উদ্ভাৱন আদি ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতা বৃদ্ধি কৰিছে। ছুইডেনৰ প্ৰতিৰক্ষা কোম্পানী ছাবে হাৰিয়ানাত নিজৰ কাৰ্ল-গুষ্টাফ উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে, যিটো ছুইডেনৰ বাহিৰত এনে প্ৰথমটো সুবিধা। এই ভ্ৰমণে বাণিজ্য, প্ৰযুক্তি, আৰু প্ৰতিভাৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
আগন্তুক ছুইডেন ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপীয় ইউনিয়ন, ই এফ টি এ, আৰু ব্ৰিটেইনৰ শীৰ্ষ ব্যৱসায়িক নেতাসকলৰ মঞ্চ ইউৰোপীয় উদ্যোগৰ বাবে গোলটেবুলৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনেও এই অনুষ্ঠানত ভাষণ দিব।
১৮ মে’ত তেওঁ নৰৱেলৈ যাত্ৰা কৰিব আৰু ১৯ মে’ত তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব তেওঁৰ নৰৱে ভ্ৰমণৰ প্ৰথম আৰু ৪৩ বছৰৰ পাছত ভাৰতৰ পৰা দেশখনলৈ প্ৰথম প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে আলোচনাত মিলিত হ’ব আৰু ৰজা হাৰাল্ড আৰু ৰাণী ছ’ঞ্জাৰ সৈতে সাক্ষাৎ কৰিব।
আলোচনাত বাণিজ্য, বিনিয়োগ, স্বচ্ছ শক্তি, উদ্ভাৱন, নীলা অৰ্থনীতি, আৰ্কটিক গৱেষণা, জলবায়ু কাৰ্য্য, আৰু মহাকাশ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
বাণিজ্য আৰু প্ৰযুক্তিৰ অংশীদাৰিত্বক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ভাৰত-নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰধানমন্ত্ৰী ষ্ট’ৰে।
এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ কৰিব, য’ত তেওঁ ১৯–২০ মে’লৈকে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ সৈতে আলোচনা কৰিব। এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ইটালীলৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ আৰু সামগ্ৰিকভাৱে দেশখনলৈ তেওঁৰ তৃতীয়টো ভ্ৰমণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া