
কাৰ্বি আংলং, ১৩ মে’ (হি স)। কাৰ্বি আংলং জিল াৰ ফুলনি মডেল হস্পিটেলৰ জৰ্জৰ অৱস্থাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে । চিকিৎসকৰ অনুপস্থিতি আৰু জৰুৰীকালীন সেৱাৰ অভাৱত এতিয়া ৰাইজৰ বাবে অভিশাপ হৈ পৰিছে এই চিকিৎসালয়খন ।
জানিব পৰা মতে, কালি নিশা ফুলনি নগৰত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন পথচাৰী গুৰুতৰভাৱে আহত হয় । স্থানীয় সচেতন লোকে ততাতৈয়াকৈ ৰক্তাক্ত আহত লোকজনক ফুলনি মডেল হস্পিটেললৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত নাছিল কোনো এজন চিকিৎসক । আনকি চিকিৎসালয়খনত অতি প্ৰয়োজনীয় এম্বুলেঞ্চ সেৱাও সম্পূৰ্ণৰূপে উপলব্ধ নহ’ল ।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনে চিকিৎসালয়খনত জৰুৰীকালীন চিকিৎসা লাভ কৰাৰ পৰিবৰ্তে কেৱল চটফটাই থাকিবলগীয়া হয় । চিকিৎসালয়খনৰ এনে চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে শেষত লোকজনক উন্নত চিকিৎসাৰ বাবে বকলিয়াঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হয় । এই ঘটনাক কেন্দ্ৰ কৰি ফুলনিৰ সচেতন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ।
স্থানীয় ৰাইজৰ অভিযোগ— মডেল হস্পিটেলৰ নামত মাথোঁ ফোপোলা স্বৰূপ । সময়মতে চিকিৎসক নাহে, দুৰ্ঘটনা হ’লে এম্বুলেঞ্চ পোৱা নাযায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ