
ধুবুৰী, ১৩ মে (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান। অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসহ আটক এজন সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী জন ছামিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ড্ৰাগছ খিনি এখন ই-ৰিস্কাৰ গোপন চেম্বাৰত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীজনে । গৌৰীপুৰ চুপাৰ মাৰ্কেটত অভিযান চলাই ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীজনক। সৰবৰাহকাৰী জনৰ পৰা ১০ বটল ৰেক্সিডাইল কাফ চিৰাপ, ১৫০টা নিটকোৰ টেবলেট,আৰু ১৪৩২টা লেবোৰেট ফেৰন স্পা প্লাছ টেবলেট,জব্দ কৰে আৰক্ষীয়ে।ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ১০টকা বুলি ধাৰণা কৰা হৈছে।আৰক্ষীয়ে ই-ৰিস্কা আৰু ড্ৰাগছ খিনি জব্দ কৰি সৰ্বৰাহকাৰী জনক জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ