
ডিব্ৰুগড়, ১৩ মে (হি.স.)। দুলীয়াজানত ব'হাগী উৎসৱত ব্যতিক্ৰমী পদক্ষেপ উদ্যোক্তা সকলৰ । দুলীয়াজান যুৱ সংঘৰ উদ্যোগত মধুটিং আৰু ভাদৈ যুৱ সংঘৰ সহযোগত দুলীয়াজান বিহুতলীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ব'হাগী উৎসৱ ২০২৬ । এই ব'হাগী উৎসৱৰ লগত সংগতি ৰাখি কৃষক বঁটা আৰু শিপিনী বঁটা প্ৰদান কৰা হয়। দুলীয়াজানৰ টেঙাখাত অঞ্চলৰ প্ৰণৱ শইকীয়াক এইবৰ্ষৰ কৃষক বঁটা প্ৰদান কৰা হয়।
ইফালে শিপিনী বঁটা প্ৰদান কৰা হয় দুলীয়াজানৰ ম'হমাৰী অঞ্চলৰ জীতামণি ডেকাক । জীতামণি ডেকা বিশেষভাৱে সক্ষম যদিও তেওঁ অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ তাঁতশালত কাপোৰ তৈয়াৰ কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। ইফালে তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে অতি দৰিদ্ৰ পৰিয়ালৰ ঊষাপুৰ অঞ্চলৰ কাশ্যপ জ্যোতি বৰা নামৰ মেধাৱী ছাত্ৰী গৰাকীৰ কাৰিকৰী শিক্ষা গ্ৰহণৰ সকলো ব্যয় উদ্যোক্তা সকলে বহন কৰিব বুলিও ঘোষণা কৰে । অতিশীঘ্ৰে উদ্যোক্তা সকলে এখন এম্বুলেন্স সেৱা মুকলি কৰিব বুলিও উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা