নেপালঃ ৰাষ্ট্ৰপতিৰ ভাষণত প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে নিদিয়ে ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ
কাঠমাণ্ডু, ১৩ মে’ (হি.স.)। আজি সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে আলোচনাত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত তেওঁৰ ভাষণ স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিবালয়ৰ মতে, তেওঁ প
প্ৰধানমন্ত্ৰীয়ে সদনৰ পৰা ওলাই যায়


কাঠমাণ্ডু, ১৩ মে’ (হি.স.)। আজি সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে আলোচনাত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত তেওঁৰ ভাষণ স্থগিত ৰখা হয়।

প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিবালয়ৰ মতে, তেওঁ প্ৰতিনিধি সদনত ভাষণ নিদিয়ে। সংসদ সচিবালয়ে পূর্বে সংসদ সচিবালয়ে এখন জাননী জাৰি কৰি প্রধানমন্ত্রীয়ে সংসদত দাখিল কৰা চৰকাৰৰ নীতি আৰু কার্যসূচী সন্দর্ভত উত্থাপিত প্রশ্নৰ উত্তৰ দিব বুলি উল্লেখ কৰিছিল৷

প্ৰধানমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা দীপা দাহালে বিশেষ কাৰণত প্ৰধানমন্ত্ৰীয়ে সংসদত সম্বোধন নকৰে বুলি উল্লেখ কৰে। আজি সংসদত প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত ভাষণ বিশেষ কাৰণত স্থগিত ৰখা হৈছে।সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিব বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে। খবৰ অনুসৰি প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ হৈ অধ্যক্ষৰ ওচৰত দুটা শাৰীৰ লিখিত ধন্যবাদৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।

মঙলবাৰৰ সংসদীয় অধিৱেশনত বিভিন্ন দলক প্ৰতিনিধিত্ব কৰা সাংসদসকলে চৰকাৰৰ নীতি আৰু কাৰ্যসূচী সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। আজি এই বিষয়ত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়াৰ কথা আছিল প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে সংসদৰ পৰা আঁতৰি থকাৰ এয়া প্ৰথম দৃষ্টান্ত নহয়। সোমবাৰে যেতিয়া ৰাষ্ট্ৰপতি সংসদৰ যুটীয়া বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহিছিল, তেতিয়া প্ৰধানমন্ত্ৰী অভ্যৰ্থনা অনুষ্ঠানত অনুপস্থিত আছিল। কিন্তু সাধাৰণ শিষ্টাচাৰ অনুযায়ী ৰাষ্ট্ৰপতি অহাৰ লগে লগে অধ্যক্ষ, উপাধ্যক্ষ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লাগে।

তদুপৰি ৰাষ্ট্ৰপতি অহাৰ পিছতেই প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে সংসদত প্ৰৱেশ কৰে। আনহাতে ৰাষ্ট্ৰপতিৰ ভাষণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে সদন ত্যাহ কৰাটোৱে সৰ্বাধিক সমালোচনাৰ সন্মুখীন হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande