
নলবাৰী, ১৩ মে (হি.স.)। নলবাৰীত সংঘটিত হৈছে ভয়ঙ্কৰ অগ্নিকাণ্ড । নলবাৰীৰ কাজিপাৰাত সংঘটিত হৈছে এই ঘটনা।
এই ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ফলত সুৱলা দাস নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে। চিলিণ্ডাৰ বিস্ফোৰণ হৈয়ে এই ভয়ঙ্কৰ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনাত কাজিপাৰাত ভাৰাতীয়া হিচাপে মহিলা এগৰাকীৰ মৃত্যু হয়।পিছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাক বাহিনীৰ দলে নিয়ন্ত্ৰণ কৰে জুই।নলবাৰীৰ পদপথত সৰু দোকান দি জীৱিকা নিৰ্বাহ কৰিছিল মহিলা গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা