
বৰপেটা, ১৩ মে (হি.স.)। বিকশিত অসমত ৰাইজে মেৰামতি কৰিলে পথ। নগৰবেৰাৰ বিদ্যানগৰত ৰাইজে বৰঙণি উঠাই মেৰামতি কৰিলে পথ । বকো-ছয়গাঁও সমষ্টিৰ বিদ্যানগৰ বজাৰৰপৰা ৰূপহাৰা হৈ দলে পথাৰলৈ যোৱা পথটো অতিকৈ শোচনীয় হৈ পৰাৰ বাবে পথটোৰে যাতায়াত কৰিব পৰা নাছিল ৰাইজে।
সামান্য বৰষুণ পৰিলেই একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰা পথেৰে নাযায় এম্বুলেঞ্চ সেৱাৰ গাড়ীও । স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে বিপজ্জনকভাৱে যাতায়াত কৰিব লগীয়া হয় পথটোৰে । সেয়ে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি অহা অঞ্চলবাসীয়ে ঘৰে ঘৰে বৰঙণি তুলি শ্ৰমদানেৰে মেৰামতি কৰিলে পথটো । শীঘ্ৰে পথটো পকীকৰণৰ বাবে স্থানীয় বিধায়ক ৰাজু মেছক দাবী জনাইছে অঞ্চলবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ