বিষ্ণুপুৰ জিলাৰ তিনিটা থানা এলেকাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ
ইম্ফল, ১৩ মে’ (হি.স.)। মণিপুৰৰ বিভিন্ন জিলাত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে অবৈধভাৱে লুকুৱাই ৰখা অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই সন্দৰ্ভত মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত
मणिपुरः बिष्णुपुर जिले तीन थाना क्षेत्र से बरामद हथियार, विस्फोटक, आईईडी एवं अन्य आपत्तिजनक सामग्री


ইম্ফল, ১৩ মে’ (হি.স.)। মণিপুৰৰ বিভিন্ন জিলাত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে অবৈধভাৱে লুকুৱাই ৰখা অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই সন্দৰ্ভত মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে বিষ্ণুপুৰ জিলাৰ বিভিন্ন থানা এলেকাৰ পৰা যোৱা ১২ আৰু ১১ মে’ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, আৰু অন্যান্য অপৰাধমূলক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

লাভ কৰা তথ্য অনুসৰি, ১২ মে’ত বিষ্ণুপুৰ জিলাৰ কেইবুল লামজাও থানাৰ অন্তৰ্গত লাইছ’ই অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মূলতঃ দুটা বল্ট একচন ৰাইফল, এটা দেশত নিৰ্মিত ৯ মিমি পিষ্টল, এটা ৰাইফল, এটা ৰকেট মৰ্টাৰ, প্ৰায় ৪ কিলোগ্ৰামকৈ ওজনৰ দুটা আই ই ডি, চাৰিটা এইচ ই ৩৬ হেণ্ড গ্ৰেনেড, এটা চাইনিজ হেণ্ড গ্ৰেনেড, ৩০ টা বিভিন্ন কেলিবাৰৰ গুলী, ছটা হেলমেট, ছটা বি পি জেকেট, ছটা বি পি প্লেট, তিনিটা ভিন্ন অস্ত্ৰৰ মেগজিন, এটা পম্পে মৰ্টাৰ শ্বেল, এটা ১২ ব’ৰ কাৰ্টিজ, পাঁচটা চাৰ্জাৰৰ সৈতে বাওফেং হেণ্ডছেট, এটা টেলিস্কোপিক চাইট, পাঁচটা জেলেটিন ষ্টিক, এটা পেৰা বোমা, এটা ডিট’নেটৰ, দুটা মৰ্টাৰ শ্বেল, এটা ৫১ মি.মি. পাঁচটা টিউব লঞ্চিং ৰাউণ্ড, এটা আঙঠি থকা তিনিটা টিউব লঞ্চিং টিউব, দুটা চিগনেল কাৰ্টিজ আৰু অপৰাধমূলক সামগ্ৰী লুকুৱাবলৈ ব্যৱহাৰ কৰা তিনিটা বস্তা আছিল।

ইফালে ১২ মে’ত নিৰাপত্তা বাহিনীয়ে বিষ্ণুপুৰ জিলাৰ মইৰাং থানাৰ অন্তৰ্গত কেফা ৰোডৰ সমীপৰ লোকটক মাপালৰ পৰা এটা উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত বল্ট একচন ৰাইফল, মেগজিন থকা ৯ মিমি পিষ্টল, এটা মৰ্টাৰ শ্বেল, চাৰিটা এইচ ই ৩৬ হেণ্ড গ্ৰেনেড, দুটা ধোঁৱা গ্ৰেনেড, এটা ইম্প্ৰভাইজড ৰকেট মৰ্টাৰ, তিনিটা জেলেটিন ষ্টিক, এটা এণ্টি এয়াৰক্ৰাফ্ট গোলাবাৰুদ, বিভিন্ন কেলিবাৰৰ ২৮টা কাৰ্টিজ, পাঁচটা বেলিষ্টিক কাৰ্টিজ, দুটা ষ্টান গ্ৰেনেড, এটা পেৰা আই এল এল বোমা, দুটা শ্বটগানৰ গোলা, এটা বাওফেং ৰেডিঅ’ চেট আৰু দুখন বি পি প্লেট আছিল।

আজি আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা ১১ মে’ত বিষ্ণুপুৰ জিলাৰ মইৰাং থানাৰ অন্তৰ্গত ট্ৰংলাওবি মানিং গুৰুখানা অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা আই ই ডি উদ্ধাৰ কৰে। অন্যান্য সামগ্ৰীৰ লগতে পাঁচটা বেটাৰীযুক্ত এটা বেতাঁৰ নিয়ন্ত্ৰণ ৰিলে চুইচ, বন্দুকৰ গুড়িৰে ভৰা ছটা প্লাষ্টিকৰ পাউচ, ১২.৭৫ মিটাৰ ৰঙা তাঁৰ, ৩৩.৮৭ মিটাৰ ছেফটি ফিউজৰ তাঁৰ, দুটা ডিটনেটৰ, আৰু ২০৮ চে.মি. বগা বৈদ্যুতিক তাঁৰ উদ্ধাৰ কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে পৃথক পৃথক এফআইআৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক কোনটো উগ্ৰপন্থী গোটৰ সেই কথাও জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande