
ইম্ফল, ১৩ মে’ (হি.স.)। আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই কাণ্ডটো প্ৰকৃততে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত সংঘটিত হৈছে ।
আৰক্ষী প্ৰশাসনে এক বিবৃতিত উল্লেখ কৰিছে যে ১২ মে’ৰ নিশা প্ৰায় ৩:০০ বজাত মলনয় কুকি গাঁৱত ঘৰত অগ্নিসংযোগ কৰাৰ বাতৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হৈছে। বাস্তৱত চুবুৰীয়া ম্যানমাৰত অৱস্থিত মলনয় কুকি গাঁওখন মণিপুৰৰ কামজং জিলাৰ সীমান্ত স্তম্ভ (বি পি) ১১৩ৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত। এই ঘটনাৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই।
জনা যায় যে মণিপুৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ভুৱা তথ্য প্ৰচাৰ কৰি ৰাজ্যৰ শান্তি বিঘ্নিত কৰাৰ ধাৰাবাহিক প্ৰচেষ্টা চলি আছে। চৰকাৰ, আৰক্ষী প্ৰশাসন আৰু নিৰাপত্তা বাহিনীয়ে ইয়াক ৰোধ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া