
মৰিগাঁও, ১৩ মে (হি.স.)। ঐতিহাসিক মায়ং ৰাজ্যৰ মাজখেলত সমূহীয়া বিবাহ অনুষ্ঠান । আঠ যোৰা দৰা কইনাৰ বিবাহ সম্পন্ন,আৰু ২৪ জনক উপ নয়ন।
আৰ্থিক অনাটনৰ বাবে আনুষ্ঠানিক বিবাহ সম্পন্ন কৰিব নোৱাৰা একাংশ দৰা কইনাক দীৰ্ঘদিনৰ পিছত ৰাজহুৱা ভাৱে বিবাহ মণ্ডপ সাজি,জোৰোণ পিন্ধাই হোমৰ গুৰিত বহুৱাই সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে আনুষ্ঠানিক বিবাহ সম্পন্ন কৰি সামাজিক মৰ্যদা দিয়াৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ ৰজা মায়ং গাৱঁৰ ৰাইজে।ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰৰ অধীনস্থ ৰজা মায়ঙৰ মাজখেলত ব্যাপক আয়োজন কৰা হয় এই সমূহীয়া বিবাহ অনুষ্ঠানৰ। আঠ যোৰ দৰা কইনাক সজাই পৰাই,গা ধুৱাই,মাহ হালধি সানি নতুন মুগাৰ সাজ পিন্ধিব দি ঢোলে দগৰে আদৰি বেণ্ড পাৰ্টি বজাই গোটেই গাওঁখনত খোজ কাঢ়ি এক উখল-মাখল পৰিৱেশ সৃষ্টি কৰা হয়।নাথ যোগী সমাজৰ এই সকল যুৱক যুৱতীক এইদৰে বিবাহ সম্পন্ন কৰি দিবলৈ পাই উৎফুল্লিত হৈ পৰিছে আয়োজক সকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা