
মানকাচ, ১৩ মে (হি.স.)। মানকাচৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান। আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰী।
উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে মানকাচৰ থানা এলেকাৰ জোৰডাঙা দ্বিতীয় খণ্ড গাঁৱৰ আবু ছায়াদ(৫২) ৰ ঘৰত অভিযান চলায়।
আৰক্ষীয়ে অভিযান চলাই আবু ছায়াদৰ ঘৰৰ পৰা ৯.১৭ গ্ৰাম ০৮ টা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্তী হেৰ'ইনৰ লগতে কেইবাটাও খালি প্লাষ্টিকৰ কন্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে আবু ছায়াদক আটক কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰীটোক থানাত লৈ নি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা