ঢকুৱাখনা কেকুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
লখিমপুৰ, ১৩ মে (হি.স.)। ঢকুৱাখনা কেকুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। সোনোৱাল কছাৰী ভাষা, সাহিত্য আৰু সংস্কৃতি উন্নয়নৰ লক্ষ্যৰে ২০১৭ চনৰ ১৩ মে''ত সোনোৱাল কছাৰী সাহিত্য সভা প্ৰতিষ্ঠা লাভ কৰিছিল। জনগোষ্ঠীটোৰ ভাষা স
ঢকুৱাখনা কেকুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন


লখিমপুৰ, ১৩ মে (হি.স.)। ঢকুৱাখনা কেকুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। সোনোৱাল কছাৰী ভাষা, সাহিত্য আৰু সংস্কৃতি উন্নয়নৰ লক্ষ্যৰে ২০১৭ চনৰ ১৩ মে'ত সোনোৱাল কছাৰী সাহিত্য সভা প্ৰতিষ্ঠা লাভ কৰিছিল।

জনগোষ্ঠীটোৰ ভাষা সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু সংবৰ্ধনৰ লগতে আগন্তুক দিনত জনগোষ্ঠীটোক আগুৱাই নিয়া লক্ষ্যৰে ঢকুৱাখনাৰ কেকুৰী কছাৰী হাইস্কুলৰ প্ৰাংগনত আজি সোনোৱাল কছাৰী সাহিত্য সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হৈছে। আজি পুৱা ১০ বজাত পতাকা উত্তোলন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande