
শোণিতপুৰ, ১৩ মে (হি.স.)। জামুগুৰিহাটৰ ৰামপুৰ হাটিঙা বিহুমেলাত নৃশংসভাৱে হত্যা দুজনক৷ লীলা বৰুৱা আৰু ৰাকেশ শৰ্ম্মাৰ হত্যাৰ ন্যায় বিছাৰিলে ৰঙাচকুৱাবাসীয়ে।
জামুগুৰিহাটৰ ৰামপুৰ হাটিঙাৰ বিহু অনুষ্ঠানত চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ৰাকেশ শৰ্মাৰো নিশা মৃত্যু ঘটে ৷ উল্লেখ্য যে ৰবিবাৰে নিশা বিহু অনুষ্ঠান চলি থকাৰ মাজতে ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মণ নামৰ যুৱকজনৰ চোকা অস্ত্ৰৰ আক্ৰমণত ৰঙাচকুৱাৰ লীলা বৰুৱা নামৰ যুৱকজন নিহত হোৱাৰ লগতে লীলা বৰুৱাক বচাবলৈ যোৱা সতীৰ্থ ৰাকেশ শৰ্মাও চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল৷পৰৱৰ্তী সময়ত ৰাকেশ শৰ্মাক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে নিশা জি এন আৰ চি হস্পিতালত ৰাকেশ শৰ্মাৰো মৃত্যু ঘটে ৷
ইফালে দুগৰাকীকৈ যুৱকক চোকা অস্ত্ৰৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰা হত্যাকাৰী জয়কান্ত বৰ্মণৰ কেৰাণীপামস্থিত বাসগৃহ উত্তেজিত অঞ্চলবাসী ৰাইজে পুৱতি নিশাই জ্বলাই দিয়াৰ বিপৰীতে হত্যাকাৰী জয়কান্তৰ জ্যেষ্ঠা ভগ্নী ৰামপুৰ হাটিঙাস্থিত বাসগৃহও জ্বলাই লণ্ডভণ্ড কৰে উত্তেজিত ৰাইজে ৷ ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতেই উত্তেজনা অব্যাহত আছে ।জামুগুৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ এই জঘণ্য হত্যাকাণ্ডৰ উচিত তদন্তৰ আস্বাস প্ৰদান কৰে ৰঙাচকুৱাৰ ৰাইজক৷ইতিমধ্যেই জামুগুৰি আৰক্ষীয়ে হত্যাকাৰী জয়কান্ত বৰ্ম্মনক ৰবিবাৰৰ ঘটনাৰ নিশাই গ্ৰেপ্তাৰ কৰি ব্যাপক জেৰাৰ অন্তত তেজপুৰ জেলহাজোতলৈ প্ৰেৰন কৰিছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু