প্ৰধানমন্ত্ৰীৰ আবেদনৰ গুজৰাটত প্ৰভাৱ- ৰাজ্যপালে এতিয়া বাছ আৰু ৰে’লেৰে যাত্ৰা কৰিব, ভূপেন্দ্ৰ পেটেলে হ্ৰাস কৰিলে কনভয়
গান্ধীনগৰ, ১৩ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’ল আৰু ডিজেল ৰাহি কৰা, কাৰপুলিং আৰু অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰাৰ বাবে কৰা আবেদনে গুজৰাটত যথেষ্ট প্ৰভাৱ পেলাইছে। স্বয়ং প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এছ পি জি কনভয়ত যান-বাহন ৫০ শতাংশ হ্ৰাস কৰাৰ
राज्यपाल आचार्य देवव्रत, सीएम भूपेंद्र पटेल व डिप्टी सीएम हर्ष संघवी की सांकेतिक एआई फ़ोटो


গান্ধীনগৰ, ১৩ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’ল আৰু ডিজেল ৰাহি কৰা, কাৰপুলিং আৰু অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰাৰ বাবে কৰা আবেদনে গুজৰাটত যথেষ্ট প্ৰভাৱ পেলাইছে। স্বয়ং প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এছ পি জি কনভয়ত যান-বাহন ৫০ শতাংশ হ্ৰাস কৰাৰ নিৰ্দেশ দিছে। গুজৰাট বিশ্ববিদ্যালয়েও কাৰপুলিং কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে কনভয় হ্ৰাস কৰিছে। ৰাজ্যপালগৰাকীয়ে এছ টি বাছ আৰু ৰে’লযোগে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে।

আমৰেলী জিলাৰ ৰাজুলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সৰলতা আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰচাৰ কৰে। সাধাৰণতে মুখ্যমন্ত্ৰীৰ কনভয়ত ১০খনতকৈও অধিক বাহন থাকে যদিও এইবাৰ তেওঁ মাত্ৰ দুখন গাড়ী লৈ ৰাজুলাত উপস্থিত হয়। ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে হেলিকপ্টাৰ আৰু বিমান সেৱাৰ পৰিৱৰ্তে এছ টি বাছ আৰু ৰেলযোগে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি ৰাজ্যপালগৰাকীয়ে তেওঁৰ কনভয়ত থকা বাহনৰ সংখ্যাও নূন্যতম কৰি ৰখাৰ সিদ্ধান্ত লৈছে। লগতে প্ৰদূষণ হ্ৰাস কৰিবলৈ চাইকেল আৰু বৈদ্যুতিক বাহনৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ আবেদনৰ সমৰ্থনত গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়েও আমেৰিকা ভ্ৰমণ বাতিল কৰিছে। মে’ মাহৰ শেষ সপ্তাহত ফেডাৰেচন অৱ গুজৰাটী এছ’চিয়েশ্যনছ অৱ দ্য ইউ এছ এ কনভেনশ্যনত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ এবছৰৰ বাবে পিছুৱাই দিয়াৰ আহ্বানৰ পিছতে তেওঁ ভ্ৰমণ পিছুৱাই দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande