
গুৱাহাটী, ১৩ মে’ (হি.স.)। নৱগঠিত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয়। সংকল্প পত্ৰত উল্লেখিত ৩১ টা সংকল্পই অহা ৫ টা বছৰত সিদ্ধিলৈকে উত্তৰণ কৰা হ'ব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰে। বিশ্ব পাৰিপাশ্বিক অৱস্থাৰ লগত সংগতি ৰাখি যোৱা ১০ মে'ত হায়দৰাবাদ কনভেশ্যন হলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক উদ্দেশ্যি যি ১৪ টা আহ্বান কৰিছিল, সেই আহ্বানৰ লগত সংগতি ৰাখি আজি প্রথমখন কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰে।
আমেৰিকা আৰু মধ্যপ্রাচ্যৰ ৰাষ্ট্ৰ ইৰানৰ যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া খনিজ তেলৰ সংকটৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসম চৰকাৰে পেট্ৰ'ল ডিজেলৰ ব্যয় ২০ শতাংশ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। নতুন মন্ত্ৰীয়ে নাপাব নতুন গাড়ী, পূর্বতকৈ সৰু কৰা হ'ব মন্ত্ৰীৰ কনভয় আৰু অহা ছয় মাহত কোনো নতুন গাড়ী চৰকাৰে ক্ৰয় নকৰাৰ কেবিনেটৰ সিদ্ধান্তও ইতিবাচক। বিদেশী মুদ্ৰা আৰু চৰকাৰৰ ব্যয় কম কৰিবৰ বাবে অহা ৬ মাহত অসম চৰকাৰৰ কোনো চৰকাৰী মন্ত্ৰী, বিষয়া বা কৰ্মচাৰীয়ে বিদেশ ভ্রমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে। বিদেশত অনুষ্ঠিত বৈঠক বা আলোচনাত ভিডি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো বিদেশী সামগ্রী ক্ৰয় নকৰাৰো সিদ্ধান্ত গ্রহণ কৰে। পৰিবেশ সুৰক্ষা আৰু ইন্ধন ব্যয় হ্ৰাসৰ লক্ষ্যৰে ১৫ ৰ পৰা ২০ বছৰ পুৰণি পেট্ৰ'ল আৰু ডিজেল চালিত গাড়ীসমূহ ক্রমান্বয়ে বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। ব্যয় সংকোচনৰ অংশ হিচাপে অহা ছমাহলৈ ৰাজ্য চৰকাৰে কোনো নতুন গাড়ী ক্ৰয় নকৰাৰ সিদ্ধান্ত লয়। মন্ত্রীসকলেও নতুন গাড়ী লাভ নকৰিব। ভাড়াত গাড়ী ল'লে ইলেক্ট'ৰিক ভেহিকেল (EV) ব্যৱহাৰক অগ্রাধিকাৰ দিয়া হ'ব।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ শাসন, উন্নয়ন, নিয়োগ, পৰিবহন আৰু প্ৰশাসনিক সংস্কাৰৰ সৈতে জড়িত কেইবাটাও বিষয়ত সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেটে আজি ইউনিফর্ম চিভিল কোড (ইউ চি চি) ৰ খচৰা অনুমোদন জনায়। সিদ্ধান্ত অনুসৰি অহা ২৬ মে'ত ইউ চি চি বিধানসভাত উত্থাপন কৰা হ'ব। কেবিনেটে স্পষ্ট কৰে যে জনজাতীয় লোকসকলক ইউ চি চিৰ আওতাৰ বাহিৰত ৰখা হ'ব। একে সময়তে ধৰ্মীয় পৰম্পৰাসমূহকো ইউ চি চিৰ পৰা বাহিৰত ৰখা হ'ব। খচৰাত বিয়াৰ নূন্যতম বয়স, বহুবিবাহ আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়সমূহ অন্তর্ভুক্ত কৰা হৈছে। ৰাজ্যত দুই লাখ চাকৰিৰ নিযুক্তি প্রক্রিয়া ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুখ্য সচিবৰ নেতৃত্বত এক বিশেষ টাস্ক ফ'ৰ্ট গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। টাস্ক ফ'ৰ্চে অহা তিনি মাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব।
অসম বিধানসভাৰ অধিবেশন অহা ২১, ২২, ২৫ আৰু ২৬ মে'ত অনুষ্ঠিত হ'ব। অধিৱেশনৰ পাছতেই মন্ত্রীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰত ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। জ্যেষ্ঠ আইনজীৱী দেৱজিৎ লন শইকীয়াক পুনৰ পাঁচ বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হয়।
ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সমিতিয়ে আধুনিক অসমৰ খনিকৰ তথা ভৱিষ্যতদর্শী নেতা ড০ হিমন্ত বিশ্ব শর্মাক আজিৰ তাৰিখতে ৰাজনৈতিক জীৱনৰ ২৫ বছৰীয়া স্বৰ্ণীল নিৰবিচ্ছিন্ন অধ্যায়ৰ ক্ৰমাগত ধাৰাৰ বাবে মুখ্যমন্ত্ৰী ৬০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। এক বিজ্ঞপ্তি যোগে বিজেপি ৰাজ্যিক সমিতিয়ে মা ভাৰতী আৰু আই অসমীৰ সেৱাত সমর্পিত মনোভাৱেৰে নিমগ্ন হোৱাত ভগৱানে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক শক্তি দিয়ক তাৰেই কামনা কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী