গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী
গুৰুগ্ৰাম, ১৩ মে’(হি.স.)। কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক আজি পুৱা গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সূত্ৰসমূহে জনোৱা মতে, তেওঁক নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সৰু অস্ত্ৰোপচাৰৰ বাবে মেডান্টালৈ অনা হৈছিল। তেওঁ জ্যেষ্ঠ
साेनिया गांधी।


গুৰুগ্ৰাম, ১৩ মে’(হি.স.)। কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক আজি পুৱা গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সূত্ৰসমূহে জনোৱা মতে, তেওঁক নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সৰু অস্ত্ৰোপচাৰৰ বাবে মেডান্টালৈ অনা হৈছিল। তেওঁ জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত আছে।

উল্লেখ্য যে ৭৯ বছৰীয়া ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত মেদান্ত হাস্পতালে এতিয়াও আনুষ্ঠানিক বুলেটিন জাৰি কৰা নাই। ইয়াৰ পূৰ্বে মাৰ্চ মাহত ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল য’ত প্ৰণালীবদ্ধ সংক্ৰমণৰ বাবে চিকিৎসা কৰা হৈছিল। কংগ্ৰেছৰ নেতা সমৰ্থকে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande