জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ
গুৱাহাটী, ১৩ মে’ (হি.স.)। জুবিন গাৰ্গ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে। এই সিদ্ধান্তই বহু চৰ্চিত গোচৰটোত অভিযুক্ত পক্ষৰ বাবে পুনৰ এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে। ন্যায়াধীশ পাৰ্থিৱ জ
Prime Accused of the Zubeen Garg death case Shyamkanu Mahanta.


গুৱাহাটী, ১৩ মে’ (হি.স.)। জুবিন গাৰ্গ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে। এই সিদ্ধান্তই বহু চৰ্চিত গোচৰটোত অভিযুক্ত পক্ষৰ বাবে পুনৰ এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে।

ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত জামিন আবেদনখনৰ শুনানি অনুষ্ঠিত হয়। অভিযোগকাৰী আৰু প্ৰতিৰক্ষা পক্ষৰ যুক্তি শুনাৰ পিছত আদালতে জামিন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

জামিন আবেদন নাকচ হোৱাৰ পিছতে কলকাতাৰ পৰা অহা মহন্তৰ অধিবক্তাই উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ কাৰ্যালয়ত গোচৰ-সম্পৰ্কীয় নথিপত্ৰ পঞ্জীয়ন কৰাৰ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতে কেইবাবাৰো জামিন আবেদন নাকচ কৰাৰ পিছত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সংবেদনশীল এই গোচৰটোৱে আৰম্ভণিৰে পৰা ব্যাপক জনমত আৰু আইনী মহলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

সূত্ৰ অনুসৰি, বুধবাৰৰ শুনানিত দুয়োপক্ষই আদালতৰ সন্মুখত বিস্তৃত যুক্তি দাঙি ধৰে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত ফাষ্ট ট্ৰেক আদালতে অভিযোগপত্ৰক কেন্দ্ৰ কৰি শুনানি সম্পন্ন কৰাৰ পিছত জামিন আবেদনত ৰায় সংৰক্ষিত ৰাখিছিল আৰু পিছত ৩০ এপ্ৰিলত আবেদনখন খাৰিজ কৰিছিল।

উল্লেখ্য, এই একে গোচৰৰে আন এক মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল।-----------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande