
হাইলাকান্দি, ১৩ মে’ (হি.স.): হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত যোৱা কালি নিশা পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জুইত ভস্মীভূত হয় এটা বাইক মেৰামতিৰ গেৰেজ । থানাৰ কাষতে সংঘটিত হয় এই ঘটনা । ক্ষন্তেকতে জুইয়ে আৱৰি ধৰে সমগ্ৰ গেৰেজ ।
স্থানীয় ৰাইজে জুই নুমুৱাবলৈ প্ৰচেষ্টা চলায় । ইফালে খৱৰ পোৱাৰ লগে লগে হাইলাকান্দিৰ পৰা উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী।অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে জুই । এই অগ্নিকাণ্ডৰ পৰা ক্ষন্তেকৰ বাবে ৰক্ষা পৰে বন্ধন বেংকৰ কাৰ্যালয় । আন কেইবাটাও প্ৰতিষ্ঠান বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে । ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও অস্পষ্ট হৈ আছে ।
উল্লেখ যোৱা ১৫ দিন আগতে একেখন বজাৰত অগ্নিকাণ্ডত ভষ্মিভূত হৈছিল তিনিটাকৈ গেলামালৰ দোকান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ