
ধুবুৰী, ১৩ মে’ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছে পাৰিবাৰিক কন্দলৰ ভয়ংকৰ মাৰপিটৰ ঘটনা। ভুক্তভোগী পৰিয়ালে এই সন্দৰ্ভত যোৱা কালি মঙলবাৰে নিশা আৰক্ষী থানাত এজহাৰ দাখিল কৰে ৷ আলমগঞ্জ ৪ৰ্থ খণ্ড গাঁৱত পাৰিবাৰিক কন্দলৰ বাবে মাৰপিটত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কেইবাজনী মহিলা।
প্ৰাপ্ত তথ্য়মতে, ই ৰিস্কাৰে মহিলা কেইগৰাকী গৈ থকা সময়তে ৰেজাউল নামৰ এজন যুৱকৰ নেতৃত্বত কেইবাজন ব্যক্তিয়ে এজন মহিলাক বলপূৰ্বক ই ৰিস্কাৰ পৰা নমাই এটা ঘৰত আবদ্ধ কৰি মাৰপিট কৰি গোপন অংগত হাত দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে। মহিলা গৰাকী আবদ্ধ কৰি মাৰপীঠ কৰা বাবে মহিলা গৰাকীৰ বায়েক বচাবলৈ যোৱাত বায়েক গৰাকীকো মাৰপিট কৰি গুৰুতৰ ভাবে আহত কৰে ৷ আহত কেইজনক বৰ্তমান ডিএমচিএইচত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভুক্তভোগী মহিলা গৰাকীৰ লগত ৰেজাউলৰ বিবাহ হৈছিল দুজনৰে এটা সন্তান আছে কিন্তু দুয়োৰে মাজত পাৰিবাৰিক কন্দলৰ বাবে সংসাৰ ভাঙি যোৱাৰ উপক্ৰম হয়। তাৰ পিছতে অভিযোগকাৰী মহিলা গৰাকীয়ে এই ক্ষেত্ৰত আইনৰ কাষ চাপে বৰ্তমান গোচৰ সমূহ মহামান্য ন্যায়ালয়ত বিচৰাধীনহৈ থকা অৱস্থাতে হঠাৎ এই মাৰপিটৰ ঘটনা সংঘটিত হয়। ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিতহৈ ৰেজাউল নামৰ যুৱক জনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ