
বৰপেটা, ১৩ মে’ (হি.স.): সম্প্ৰতি ইৰি ধানৰ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে বৰপেটাৰ কৃষক । হাবি ৰাধাকুছিত ২০০ ৰো অধিক বিঘা খেতিত ওলাইছে ধানৰ সলনি পতান । সমান্তৰালকৈ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিত অচিন ৰোগৰ আক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃ্ষ্টি কৰিছে । বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে হাবি ৰাধাকুছিৰ বহু দৰিদ্ৰ কৃষকসকল ।
ইপিনে নষ্ট হোৱা ধানৰ খেতি পৰিদৰ্শন কৰিবলৈ সময় নাই জিলা কৃষি বিষয়াৰ । খেতিয়কৰ সৈতে জিলা কৃষি বিষয়াই সম্পৰ্ক নৰখা হেতুকে এইদৰে শ শ বিঘা খেতি কৰি বৃহৎ ক্ষতিৰ সন্মূখীন হবলগীয়া হৈছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল । এইক্ষেতৰত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে নিখিল ভাৰত কৃষক সভাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ