মৰাণত শিক্ষা বিষয়াৰ অতৰ্কিত অভিযান
চৰাইদেউ, ১৩ মে (হি.স.)। চৰাইদেউ জিলাৰ মৰাণহাটস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱা ৯ বজাত অতৰ্কিতভাৱে উপস্থিত হয় চৰাইদেউ জিলা শিক্ষা বিষয়া পলাশ কাকতি। নিৰ্ধাৰিত সময়তকৈ পলমকৈ বিদ্যালয়লৈ অহা শিক্ষক-শিক্ষয়িত্ৰীসকলক জবাবদিহি কৰে বিষয়াগৰা
মৰাণত শিক্ষা বিষয়াৰ অতৰ্কিত অভিযান


চৰাইদেউ, ১৩ মে (হি.স.)। চৰাইদেউ জিলাৰ মৰাণহাটস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱা ৯ বজাত অতৰ্কিতভাৱে উপস্থিত হয় চৰাইদেউ জিলা শিক্ষা বিষয়া পলাশ কাকতি। নিৰ্ধাৰিত সময়তকৈ পলমকৈ বিদ্যালয়লৈ অহা শিক্ষক-শিক্ষয়িত্ৰীসকলক জবাবদিহি কৰে বিষয়াগৰাকীয়ে।

আজি পুৱা ৯ বাজি যোৱাৰ লগে লগে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণ বন্ধ কৰি দিয়ে জিলা শিক্ষা বিষয়াগৰাকীয়ে। তাৰ পাছতেই আৰম্ভ হয় পলমকৈ অহা শিক্ষকসকলৰ লৰা-ঢপৰা। নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱা একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত দৰ্শালে নানা ধৰণৰ অজুহাত। অৱশ্যে, বিদ্যালয়খনৰ পূৰ্বৰ সুনাম আৰু ভাল ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিষয়াগৰাকীয়ে এইবাৰলৈ সকীয়নি প্ৰদান কৰি সকলো শিক্ষক-কৰ্মচাৰীক কঠোৰভাৱে সময়ানুৱৰ্তিতা মানি চলিবলৈ নিৰ্দেশ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande