পাটাকাটা টিপকাই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ধুবুৰী, ১৩ মে (হি.স.)। পাটাকাটা টিপকাই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পৰ্বতঝোৰাৰ গাতে লাগি থকা আনুমানিক ১ কিলোমিটাৰ দূৰত্বত, পাটাকাটা টিপকাই নৈত অচিনাকী মৃতদেহ প্ৰতক্ষ ৰাইজৰ। ঠাইখন হৈছে ধুবুৰী জিলাৰ পাটাকাটা দ্বিতীয় খণ্ড টিপকাই পাৰঘাট। নৈৰ সোঁতত ভ
পাটাকাটা টিপকাই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ


ধুবুৰী, ১৩ মে (হি.স.)। পাটাকাটা টিপকাই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পৰ্বতঝোৰাৰ গাতে লাগি থকা আনুমানিক ১ কিলোমিটাৰ দূৰত্বত,

পাটাকাটা টিপকাই নৈত অচিনাকী মৃতদেহ প্ৰতক্ষ ৰাইজৰ।

ঠাইখন হৈছে ধুবুৰী জিলাৰ পাটাকাটা দ্বিতীয় খণ্ড টিপকাই পাৰঘাট। নৈৰ সোঁতত ভাটিলৈ ভাহি আহিছে অচিনাকী মৃতদেহটো। আজি ধুবুৰী জিলাৰ আটানী থানাৰ অন্তৰ্গত পাটাকাটা দ্বিতীয় খণ্ড টিপকাই পাৰঘাটৰ কাষত ৰাইজে প্ৰত্যক্ষ কৰিছে এটা ৰঙা গেঞ্জী পৰিহিত অচিনাক্ত মৃতদেহ।

বিষয়টো স্থানীয় প্ৰশাসনক অৱগত কৰা হৈছে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande