
গুৱাহাটী, ১৩ মে’ (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বুধবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ স্মৃতিসৌধত উপস্থিত হৈ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গোপীনাথ বৰদলৈক প্ৰেৰণাৰ উৎস আখ্যা দি মুখ্যমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থ আৰু পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ ঐতিহাসিক অৱদানৰ কথা সোঁৱৰাই দিয়ে।
ড° শৰ্মাই কয় যে আধুনিক অসম গঢ়াৰ লগতে জাতীয় ঐক্য সুদৃঢ় কৰাৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দূৰদৰ্শী নেতৃত্বই অতি গুৰুত্বপূৰ্ণ।
গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। ড° শৰ্মাই বৰদলৈক ফুলৰ শ্ৰদ্ধাঞ্জলি জনাই নিজৰ চৰকাৰৰ কাম-কাজ আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে চাৰিজন মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ, আৰু চৰণ বডোৰ লগতে গুৱাহাটীৰ আন চাৰিজন বিধায়ক উপস্থিত থাকে।
এই উপলক্ষে সংবাদ মাধ্যমৰ আগত ড০ শৰ্মাই কয় যে আগন্তুক বিধানসভা অধিৱেশন ২১ মে’ত অনুষ্ঠিত হ’ব, য’ত চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। লগতে তেওঁ কয় যে বিধানসভাৰ অধিৱেশনৰ পিছত কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া