
গুৱাহাটী, ১৩ মে’ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য (চিইএম) দেবোলাল গার্লোছাক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে ৷
ছ’চিয়েল মিডিয়াত দিয়া অভিনন্দন বাৰ্তাত মুখ্যমন্ত্ৰীয়ে গাৰ্লোছাক এগৰাকী নিষ্ঠাৱান আৰু শক্তিশালী নেতা বুলি অভিহিত কৰি কয় যে তেওঁ ডিমা হাছাওবাসীৰ কল্যাণ আৰু উন্নয়নৰ বাবে অহৰহ কাম কৰি আছে ।
ড° শৰ্মাই দেৱী কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰতো শ্ৰীযুত গাৰ্লোছাৰ দীৰ্ঘ, সুস্থ, সুখী জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া