সদ্যঘোষিত চিবিএছই পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে উত্তীর্ণ ওৰাঙৰ টিনা শৰ্মা
দৰং, ১৩ মে (হি.স.)। সদ্যঘোষিত চিবিএছই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ তেজপুৰ কেন্দ্ৰীয় বিদ্যালয় ৪ ৰ এগৰাকী ছাত্ৰী৷ সদ্যঘোষিত চিবিএছই পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে উত্তীর্ণ ওৰাঙৰ টিনা শৰ্মা| তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ৯৫.৮ % নম্ব
সদ্যঘোষিত চিবিএছই পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে উত্তীর্ণ ওৰাঙৰ টিনা শৰ্মা


দৰং, ১৩ মে (হি.স.)। সদ্যঘোষিত চিবিএছই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ তেজপুৰ কেন্দ্ৰীয় বিদ্যালয় ৪ ৰ এগৰাকী ছাত্ৰী৷ সদ্যঘোষিত চিবিএছই পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে উত্তীর্ণ ওৰাঙৰ টিনা শৰ্মা| তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ৯৫.৮ % নম্বৰ লাভেৰে বিদ্যালয়খনৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰে টিনা শর্মাই |

দৰং জিলাৰ ওৰাং অঞ্চলৰ কিশোৰ শর্মা আৰু দময়ন্তী দেৱীৰ সুযোগ্য কন্যা টিনাই৷ কেন্দ্ৰীয় বিদ্যালয়খনৰ বাণিজ্য বিভাগৰ ছাত্ৰী হিচাপে বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ ওৰাং অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিছে।তেওঁৰ এই অসাধাৰণ সফলতাই অঞ্চলজুৰি আনন্দৰ পৰিৱেশ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে সফলতা যে লাভ কৰিব পাৰি তাক প্ৰমাণ কৰিলে ছাত্রী টিনা শৰ্মাই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে। টিনাই বিজনেছ ষ্টাডিছত ৯৫, একাউন্টেঞ্চিত ৯৫, ইংৰাজীত ৯২, ইকনমিকচত ৯৯, ইনফৰমেটিক প্রেক্টিছত ৯৪, ফিজিকেল ইড্যুকেশনত ৯৬ নম্বৰ লাভ কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande