
নতুন দিল্লী, ১৩ মে’ (হি.স.)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে বুধবাৰে ঘোষণা কৰে দ্বাদশ শ্ৰেণীৰ ফলাফল। এইবাৰ মুঠ ৮৫.২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে, যিটো যোৱা বছৰৰ তুলনাত ৩.১৯ শতাংশ হ্ৰাস পাইছে। পৰীক্ষাৰ ফলাফলত ল’ৰাতকৈ ছোৱালীৰ ফলাফল ভাল।
ব’ৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ ১৭,৮০,৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে ১৭,৬৮,৮১৮ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৫,০৭,১০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সফল ঘোষণা কৰা হয়। ২০২৫ চনত ৮৮.৩৯ শতাংশৰ পৰা ২০২৬ চনত ৮৫.২০ শতাংশলৈ ৩.১৯ শতাংশ হ্ৰাস পাইছে।
চিবিএছইৰ তথ্য অনুসৰি ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৮৬ শতাংশ, আনহাতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৮২.১৩ শতাংশ। এইদৰে ছোৱালীয়ে ল’ৰাক ৬.৭৩ শতাংশ আউটপাৰ্ফৰ্ম কৰে।
ত্ৰিবেন্দ্ৰম অঞ্চলৰ বাবে আঞ্চলিক প্ৰদৰ্শন সৰ্বাধিক, ৯৫.৬২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ। ইয়াৰ পিছতে চেন্নাই, বেংগালুৰু, আৰু বিজয়াৱাড়া অঞ্চল। দিল্লী পশ্চিম অঞ্চলত উত্তীৰ্ণৰ হাৰ ৯২.৩৪ শতাংশ, আৰু দিল্লী পূব অঞ্চলত উত্তীৰ্ণৰ হাৰ ৯১.৭৩ শতাংশ। মুঠতে দিল্লী অঞ্চলত ৯১.৯৭ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে প্ৰয়াগৰাজত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ৭২.৪৩ শতাংশ।
বিদেশত চিবিএছইৰ বিদ্যালয়সমূহত উত্তীৰ্ণৰ হাৰ ৯০.৫০ শতাংশ। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ শতকৰা হাৰ আছিল ৯০.১৬ শতাংশ।
ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি এই বছৰ ১৬৩,৮০০ ছাত্ৰ-ছাত্ৰীক কম্পাৰ্টমেণ্ট শিতানত স্থান দিয়া হৈছে, যিয়ে মুঠ প্ৰাৰ্থীৰ ৯.২৬ শতাংশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও ৯৪,০২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে ১৭,১১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰে।
বিদ্যালয়ৰ প্ৰদৰ্শনৰ সন্দৰ্ভত কেন্দ্ৰীয় বিদ্যালয়ে (কেভি) সৰ্বোত্তম ফলাফল লাভ কৰিছে, ৯৮.৫৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। জৱাহৰ নৱোদয় বিদ্যালয়ে ৯৮.৪৭ শতাংশ লাভ কৰে। চৰকাৰী বিদ্যালয়ত ৮৯.৫৫ শতাংশ, চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত ৮৬.০৭ শতাংশ, একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ই এম আৰ এছ) ৮৫.৫৫ শতাংশ, আৰু স্বতন্ত্ৰ বিদ্যালয়ত ৮৪.২২ শতাংশ।
চিবিএছইয়ে উল্লেখ কৰিছে যে ডিজিলকাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ডিজিটেল মাৰ্কশ্বীট, মাইগ্ৰেচন চাৰ্টিফিকেট আৰু অন্যান্য নথি-পত্ৰ উপলব্ধ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট আৰু ডিজিলকাৰ প্লেটফৰ্মৰ জৰিয়তে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।
উল্লেখযোগ্য যে ১৭ ফেব্ৰুৱাৰীৰ পৰা ৯ এপ্ৰিললৈ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত হৈছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ