বৰহোলা চাৰিআলিৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কাণ্ড
যোৰহাট, ১৩ মে (হি.স.)। বৰহোলা চাৰিআলিৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰিকাৰ্য সংঘটিত হয়৷ চোৰে আছলাম খান নামৰ ব্যৱসায়ী জনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত থকা চিচি টিভি কেমেৰা খুলি লৈ যোৱা লগতে নজমূল হক নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ভালেকেইটা চাতি, এখ
বৰহোলা চাৰিআলিৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কাণ্ড


যোৰহাট, ১৩ মে (হি.স.)। বৰহোলা চাৰিআলিৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰিকাৰ্য সংঘটিত হয়৷ চোৰে আছলাম খান নামৰ ব্যৱসায়ী জনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত থকা চিচি টিভি কেমেৰা খুলি লৈ যোৱা লগতে নজমূল হক নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ভালেকেইটা চাতি, এখন মৎস্য বিক্ৰী কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা চোৰে প্ৰায় ২০ কেজি মাছ চোৰ কৰি লৈ যায়৷

এই সন্দৰ্ভত ব্যৱসায়ী কেইজনে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা তদন্ত কৰি চিচি টিভি ফুটেজ সংগ্ৰহ কৰি চুৰিকাৰ্য লগত জড়িত থকা বৰহোলা চাহ বাগিচাৰ দুজন লোকক চুৰি হোৱা সামগ্ৰীৰ সৈতে আটক কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande