
গোলাঘাট, ১৩ মে (হি.স.)। বোকাখাত কুৰুৱাবাহীৰ চিনাকানত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । ঐতিহাসিক কলাবৰীয়া বিল খনন প্ৰকল্প বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ।
ৰাজ্যৰ ভূমি সংৰক্ষন বিভাগে কলাবৰীয়া বিলত খান্দিছে বৃহৎ পুখুৰী । ৮৫ মিটাৰ বহল ৫৩২ মিটাৰ দীঘল পুখুৰী খন্দা প্ৰকল্পটো বন্ধ কৰাৰ দাবী উত্থাপন । বানাক্ৰান্ত অঞ্চলটোত এনে বৃহৎ পুখুৰী হ'লে কুৰুৱাবাহী চিনাকানৰ কেইবা শতাধিক কৃষক সৰ্বস্বান্ত হোৱাৰ আশংকা । যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত এজেৱাইচিপি, মহকুমা সাংবাদিক সন্থা, জীপাল কৃষক-শ্ৰমিক সংঘকে ধৰি অঞ্চলবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।
ইয়াৰ পূৰ্বে চিনাকান নামঘৰত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু